অসম

assam

আৰক্ষীৰ জালত গৰু চোৰ

By

Published : Jul 7, 2019, 6:58 PM IST

অৱশেষত আৰক্ষীৰ জালত পৰিল দীর্ঘদিন ধৰি গোলাঘাট জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ টোপনি কাঢ়ি নিয়া গৰু চুৰি চক্ৰটো ৷ গোলাঘাট 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে খেদি খেদি আটক কৰে গৰুসহ তিনি গভাইট চোৰক ৷

জালত পৰিল গৰু চুৰি চক্ৰ

গোলাঘাট 7 জুলাই : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দপদপনি । দেওবাৰে গোলাঘাটৰ কমাৰগাঁৱত আৰক্ষীৰ এক বিশেষ অভিযানত জব্দ হয় গৰু সহ তিনিটা চোৰ ৷ নগাঁৱৰ জীয়াওৰ ৰহমান নামৰ এটা গৰু চোৰৰ নিৰ্দেশত পাঁচ জনীয়া এটা চোৰৰ দলে AS02-CC-0518 নম্বৰৰ টাটা ডি আয় গাড়ীৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি দেৰগাঁৱৰ পৰা নগাঁও অভিমুখে চুৰি গৰু লৈ গৈ আছিল ৷ দেৰগাঁও আৰক্ষী আৰু কমাৰগাঁও আৰক্ষীৰ যৌথ অভিযানত কমাৰগাঁৱৰ পানী দিহিঙীয়া ৰাইজৰ সহযোগত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি আটক তিনি চোৰক ৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় দুটাকৈ চোৰ ৷ আৰক্ষীৰ হাতত পৰা চোৰ কেইটা হৈছে নগাঁৱৰ ক্ৰমে বাবুল ইছলাম, খাইৰুল ইছলাম, ইনামূল হক । বৰ্তমান আৰক্ষীয়ে ধৃত চোৰ কেইটাক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ৷ দীর্ঘদিন ধৰি গৰু চুৰি কাৰ্য চলাই অহা চোৰ কেইজন ধৰা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে গোলাঘাটৰ ৰাইজে ৷

আৰক্ষীয়ে খেদি খেদি আটক কৰে গৰুসহ তিনি গভাইট্ চোৰক

ABOUT THE AUTHOR

...view details