গোলাঘাট,18ডিচেম্বৰ: গোলাঘাটৰ এখন চিকিৎসালয়ে জিলাখনলৈ আনিছে ভাল খবৰ ৷ জিলাখনৰ এখন ক'ভিড চিকিৎসালয়ত শূণ্য হ'ল ক'ভিড ৰোগী ৷ বিগত মাৰ্চ মাহৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে গোলাঘাটতো আতংকৰ সৃষ্টি কৰিছিল কৰ'ণা ভাইৰাছে ৷ জিলাখনত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ জনগণৰ ৰক্ষাৰ্থে জিলাখনত মুকলি কৰিছিল এখন চিকিৎসালয় ৷
উল্লেখ্য যে,উক্ত চিকিৎসালয় গৃহটো মাৰ্চ মাহতে ৰাজ্যৰ স্বাস্থ্য বিভাগে শিশু আৰু প্ৰসূতিৰ চিকিৎসাৰ বাবে নতুনকৈ নিৰ্মাণ কৰি কাম সম্পূৰ্ণ কৰিছিল । কিন্তু জিলাখনত কৰ'ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাত চিকিৎসালয় খন ক'ভিড চিকিৎসালয় হিচাপে ঘোষণা কৰা হয় ৷ চিকিৎসালয় খনত এই মহামাৰীৰ সৈতে মুখা-মুখি হোৱা প্ৰতিজন ক'ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা হৈছিল নিয়াৰিকৈ ৷ যাৰ ফলত শুকুৰবাৰে চিকিৎসালয় খন ক'ভিড মুক্ত চিকিৎসালয় হিচাপে ঘোষিত হয় ৷