গোলাঘাট, ২৩ ডিচেম্বৰ :এটা সৰু কোঠাৰ পৰা আৰম্ভ কৰা এটা সৰু ব্যৱসায় । কিন্তু দেখাত সৰু যেন লাগিলেও এই কোঠাটোত প্ৰস্তুত কৰা সামগ্ৰীয়ে এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । গোলাঘাটৰ ৩ নং ৰে’লগেটৰ সমীপৰ চৈয়দ বাদ্ৰোল আছাদ (Syed Badrul Ashad) আৰু চায়েদা ফাতেমা বিন্ত মাজিদ (Syeda Fatema Bint Mazid) নামৰ এটা দম্পতীয়ে নিজ গৃহতে আৰম্ভ কৰিছে মৰাপাটৰ পৰা প্ৰস্তুত কৰা বেগ ।
FDS বেগ এণ্ড ক্ৰাফট কোম্পানী নামেৰে নামাকৰণ কৰি যোৱা ২০০০ বৰ্ষৰ লক ডাউনৰ সময়ছোৱাৰে পৰা আৰম্ভ কৰিছে এই মৰাপাট বেগৰ ব্যৱসায় । মাত্ৰ ৪০,০০০ হেজাৰ টকাৰে আৰম্ভ কৰা এই বেগৰ ব্যৱসায়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও বৰ্তমান বিশ্বৰ ৩৫ খন দেশত ভাৰতীয় ডাকৰ জৰিয়তে ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।
এইখিনিতে এটা কথা উল্লেখ্য কৰা প্ৰয়োজন যে, কেন্দ্ৰীয় চৰকাৰ ৰে’ল তথা যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৪ ডিচেম্বৰত ৰাজ্যসভাত গোলাঘাটৰ চৈয়দ বাদ্ৰোল আছাদৰ কথা উত্থাপন কৰি প্ৰশংসা কৰে । এই মৰাপাটৰ বেগৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে ৷ কেৱল ৰাজ্যতে নহয় আমেৰিকা যুক্তৰাষ্ট্ৰলৈয়ো ইয়াৰ ৰপ্তানি হৈছে । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে যুৱ ব্যৱসায়ী চৈয়দ বাদ্ৰোল আছাদে ৷