অসম

assam

ETV Bharat / state

কৰ’ণা আতংকৰ মাজতে গোলাঘাটত অন্ধবিশ্বাসৰ বলি একাংশ লোক - গোলাঘাটত অন্ধবিশ্বাসৰ বলি একাংশ লোক

গোলাঘাট জিলাৰ মহিমা জলকীয়াবাৰী অঞ্চলৰ প্ৰতিঘৰ লোকেই দুৱাৰ মুখত গাঁত খান্দি গাঁত খান্দি পুতি থৈছে একোটাকৈ সৰু কয়লাৰ টুকুৰা ৷ অঞ্চলটোৰ লোকসকলৰ বিশ্বাস এই কয়লাৰ টুকৰাটো থাকিলে মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা মুক্তি লাভ কৰিব ৰাইজে ৷

Golaghat corona superstition
কৰ’ণা আতংকৰ মাজতে গোলাঘাটত অন্ধবিশ্বাসৰ বলি একাংশ লোক

By

Published : Mar 26, 2020, 11:04 AM IST

গোলাঘাট,26 মাৰ্চঃ সম্প্ৰতি সমগ্ৰ বিশ্বই মহামাৰী কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছে ৷ দিনে নিশাই আক্ৰান্ত সকলৰ পৰিচৰ্যাত নামি পৰিছে চিকিৎসা কৰ্মী ৷ কিন্তু ইয়াৰ মাজতো ৰাজ্যৰ একাংশ লোক বলি হৈছে অন্ধ বিশ্বাসৰ ৷ এটুকুৰা কয়লাই কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰে বুলি বিশ্বাস কৰি লৈছে ৰাজ্যৰ একাংশ লোকে ৷

কৰ’ণা আতংকৰ মাজতে গোলাঘাটত অন্ধবিশ্বাসৰ বলি একাংশ লোক

উল্লেখ্য যে,গোলাঘাট জিলাৰ মহিমা জলকীয়াবাৰী অঞ্চলৰ প্ৰতিঘৰ লোকেই কিছুদিন পূৰ্বে অন্ধবিশ্বাসত ভোল গৈ ঘৰৰ দুৱাৰ মুখত গাঁত খান্দি পুতি থৈছে একোটাকৈ সৰু কয়লাৰ টুকুৰা ৷ বৃহস্পতিবাৰে্ সাংবাদিকৰ কেমেৰাৰ আগত গাঁত খান্দি উলিয়াই পুতি থোৱা এই কয়লাৰ টুকুৰাসমূহ ৷ অঞ্চলটোৰ লোকসকলৰ বিশ্বাস এই কয়লাৰ টুকৰাটো ঘৰৰ দুৱাৰ মুখত থাকিলে মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা মুক্তি লাভ কৰিব ৰাইজে ৷ এনেদৰেই অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ এই যুগতো ৰাজ্যৰ একাংশ লোক অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডুব গৈ থকা পৰিলক্ষিত হৈছে ৷ একাংশ অন্ধবিশ্বাসী লোকৰ এই কাৰ্যই গোলাঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সচেতন লোকসকলে এই ঘটনাক নিন্দা কৰিছে ৷ লগতে অন্ধবিশ্বাস বিয়পোৱা লোকসকলৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়ক-মৰিগাঁও আৰু বৰপেটা ৰোডত লক্ ডাউনৰ প্ৰতি সতৰ্ক আৰক্ষী প্ৰশাসন !

ABOUT THE AUTHOR

...view details