গোলাঘাট, 21 জুলাইঃ অসমৰ চৰকাৰী বিদ্যালয় সমূহৰ গৰম বন্ধ অহা 31 জুলাইত অন্ত পৰিব যদিও পুনৰ 1 আগষ্টৰ পৰা বন্ধ হৈ পৰিব চৰকাৰী বিদ্যালয়সমূহ । কোনো গৰম অথবা বানপানীৰ বাবে নহয় এই বন্ধ । বিগত পাঁচ মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ অহা ৰাজ্যৰ পাঁচ হাজাৰ ঠিকাভিত্তিক শিক্ষকে অহা এক আগষ্টৰ পৰা অচল কৰি দিব অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা । কাৰণ নিযুক্তিৰ দিন ধৰি অন্তঃকৰণেৰে শিক্ষাদান কৰি অহা অসমৰ ঠিকাভিত্তিক শিক্ষক সকলক চিনি নাপায় স্বয়ং ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে । শিক্ষা বিভাগৰ দৰে বিভাগ এটা চম্ভালিব নোৱাৰা এজন ব্যক্তিৰ হাতত থকাৰ বাবেই আজি এনে অৱস্থা সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক সকলে ।
গৰমৰ বন্ধ অন্ত পৰিলেও আৰম্ভ নহয় পাঠদান !! - ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ
বিগত পাচ মাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ 5000 ঠিকাভিত্তিক শিক্ষক ৷ সেয়ে, অহা 31 জুলাইৰ ভিতৰত ঠিকাভিত্তিক শিক্ষক সকলৰ পাঁচ মাহৰ দৰমহা আদায় নিদিলে অসমৰ শিক্ষা ব্যৱস্থা অচল কৰি দিয়াৰ তেওঁলোকৰ ৷
![গৰমৰ বন্ধ অন্ত পৰিলেও আৰম্ভ নহয় পাঠদান !!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3901663-295-3901663-1563689251029.jpg)
গৰমৰ বন্ধ অন্ত পৰিলেও আৰম্ভ নহয় পাঠদান !!
গৰমৰ বন্ধ অন্ত পৰিলেও আৰম্ভ নহয় পাঠদান !!
উল্লেখ্য যে, অসমৰ বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই যোৱা 20 জুনতেই শিক্ষক সকলৰ পাবলগা দৰমহা অনুমোদন জনোৱাৰ পাছতো সেই ফাইলত চহী কৰিবলৈ আহৰি নাই ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীৰ । যাব পৰিণতিত অহা 31 জুলাইৰ ভিতৰত ঠিকাভিত্তিক শিক্ষক সকলৰ পাঁচ মাহৰ দৰমহা আদায় নিদিলে অসমৰ শিক্ষা ব্যৱস্থা অচল কৰি দিয়াৰ লগতে NRC কে চৰকাৰী কামত নিয়োজিত শিক্ষক সকলো উপস্থিত নহয় চৰকাৰী কামত । সেয়ে এনে এক পৰিস্থিতিত 31 জুলাইত গৰমৰ বন্ধ অন্ত পৰিলেও 1 আগষ্টৰ পৰা পাঠদান আৰম্ভ হ'বনে নাই সেয়া এতিয়াও অনিশ্চয়তাত ৷