অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল নুমলীগড়

বিজেপি চৰকাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ পাচতেই প্ৰতিবাদৰ জুই জ্বলাইছে নুমলীগড়ত ৷ আজি প্ৰতিবাদত নামিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়ালৈ

প্ৰতিবাদত কংগ্ৰেছ

By

Published : Oct 30, 2019, 5:26 PM IST

Updated : Oct 30, 2019, 5:44 PM IST

গোলাঘাট, 30 অক্টোবৰ: পুনৰ প্ৰতিবাদমুখী হৈ পৰিছে নুমলীগড়ৰ চহৰ ৷ নুমলীগড় তেল শোধানাগাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে বুধবাৰে নুমলীগড় তিনিআলিত প্ৰতিবাদত নামি পৰিল বিভিন্ন দল-সংগঠন ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ,ৰকিবুল হুছেইন ,বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ,সাংসদ গৌৰৱ গগৈ, অজন্তা নেওগ, ৰজলিনা তিৰ্কী, বিস্মিতা গগৈৰ লগতে বিভিন্ন দল-সংগঠনৰ শতাধিক প্ৰতিবাদকাৰী ৷ প্ৰতিবাদৰ লগতে সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰে সংগঠনসমূহে।

নুমলীগড় তেল শোধনাগাৰ

উল্লেখ্য যে, বিজেপি চৰকাৰে নুমলীগড় শোধনাগাৰ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ পাচতেই প্ৰতিবাদত উত্তাল হৈ পৰে নুমলীগড় তিনিআলি। বি.পি.চি.এল (BPCL) বিক্ৰী হোৱা ঘোষণাই বৰ্তমান প্ৰতিবাদৰ জুই জ্বলাইছে নুমলীগড়ত । কেন্দ্ৰীয় কেবিনেটে বি.পি. চি.এলৰ (BPCL) NRL ত থকা প্ৰায় ৬২ শতাংশ অংশীদাৰীত্ব বিক্ৰীৰ ঘোষণাৰ পাচতেই এতিয়া জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন ।

Last Updated : Oct 30, 2019, 5:44 PM IST

ABOUT THE AUTHOR

...view details