অসম

assam

ETV Bharat / state

গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ - গোলাঘাটত জিলা কংগ্ৰেছৰ কা প্ৰতিবাদ বাতৰি

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৰা প্ৰৰোচনামূলক বক্তব্যৰ পিছতো আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ বিধায়কগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দ্বী উত্থাপন কৰে প্ৰতিবাদকৰীসকলে ৷

Golaghat Congress protest against CAA
গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ

By

Published : Dec 29, 2019, 6:18 PM IST

গোলাঘাট, 29 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে গোলাঘাট সমন্বয় ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক লোকে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ৰকিবুল হুছেইন, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে ৷ প্ৰতিবাদকাৰীসকলে গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা এক পদযাত্ৰাৰে গোলাঘাট নগৰৰ মাজমজিয়া পৰিভ্ৰমণ কৰে ৷

গোলাঘাটত জিলা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ

আনহাতে,খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৰা প্ৰৰোচনামূলক বক্তব্যৰ পিছতো আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদস্থলীৰ পৰাই বিধায়কগৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰতিবাদকৰীসকলে ৷

আৰু পঢ়ক- CAA সমৰ্থন কৰাৰ বাবেই বিধায়কক দলৰ পৰা বহিস্কাৰ কৰিলে মায়াৱতীয়ে

ABOUT THE AUTHOR

...view details