অসম

assam

ETV Bharat / state

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ! - অসম প্ৰদেশ কংগ্ৰেছ কমিটি

আগন্তুক নিৰ্বাচনত অনুসূচিত জাতিৰ সংৰক্ষিত আসন লাভ কৰিবলৈ কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ অনুসূচীত জাতিৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই যদিও কংগ্ৰেছে জাতিটোৰ উন্নয়নৰ বাবে কাম কৰি আছে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনূসূচিত জাতি বিভাগৰ অধ্যক্ষ ড০ ৰমানন্দ দাসৰ ৷

congress press meet
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ!

By

Published : Sep 14, 2020, 6:33 PM IST

গোলাঘাট,14ছেপ্টেম্বৰ: অনুসূচীত জাতিৰ উন্নতিৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে অৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত পিছপৰি আছে এই জাতিটো ৷ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনূসূচিত জাতি বিভাগৰ অধ্যক্ষ ড০ ৰমানন্দ দাসে এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৷ এই সংবাদমেলত উপস্থিত থাকে উপাধ্যক্ষা ৰূপা জাপ,আহ্বায়ক সৌৰভজোতি হাজৰিকা,গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক তপন দত্ত আৰু গোলাঘাট জিলা কংগ্ৰেছৰ অ'বিচি কমিটিৰ অধ্যক্ষ দ্বীপেন বৰুৱা ৷

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ!

সংবাদ মেলত অধ্যক্ষগৰাকীয়ে ৰাজ্যখনৰ প্ৰায় ৪৮ লক্ষ অনুসূচিত জাতিৰ সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ বাবে কাম কৰি যোৱাৰ লগতে জাতিটোৰ ৰাজনৈতিক অধিকাৰ অধিক শক্তিশালী কৰিবলৈ নিৰৱিছিন্ন ভাৱে কংগ্ৰেছে প্ৰচেষ্টা চলাই আহিছে বুলি প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে মাৰ্ঘেৰিটা বিজেপিয়ে

বৰ্তমানলৈকে অসমত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ আছে ৮ টা বিধানসভা সমষ্টি ৷ ইয়াৰে এটা সমষ্টি কংগ্ৰেছৰ আৰু বাকী 7টা সমষ্টি বিৰোধীৰ হাতত আছে ৷ কিন্তু এই সমষ্টিকেইটা কংগ্ৰেছৰ হাতলৈ অনাৰ বাবে অনুসূচিত জাতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ ভেটী শক্তিশালী কৰিবলৈ অনুসূচিত জাতি বিভাগে সাংগাঠনিক দিশত গুৰুত্ব প্ৰদান কৰিছে আৰু ৰাজ্যখনৰ জিলাসমূহতো একোজনকৈ পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে ড০ ৰমানন্দ দাসে ৷

ABOUT THE AUTHOR

...view details