গোলাঘাট,25 ডিচেম্বৰ : ৰাজ্যৰ জিলাই জিলাই চলিছে কংগ্ৰেছৰ গৰাখহনীয়া ৷ ইখনৰ পাচত সিখন জিলা কংগ্ৰেছৰ নেতাই কৰিছে দল ত্যাগ ৷ শেহতীয়াভাৱে অজন্তা নেওগ আৰু বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক পলাশ তামুলীয়ে পদত্যাগ কৰে কংগ্ৰেছ দলৰ পৰা ৷ গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক তপন দত্তৰ লগতে ১৩ গৰাকী কংগ্ৰেছৰ বিষয় ববীয়াই পদত্যাগ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচতে গোলাঘাট কংগ্ৰেছে মুখ খুলিছে ৷ একাংশ কংগ্ৰেছী নেতাৰ মতে, দল ত্যাগে কোনো প্ৰভাৱ নেপেলাই কংগ্ৰেছত ৷ গোলাঘাটত কংগ্ৰেছৰ কোনোধৰণৰ গৰাখহনীয়া হোৱা নাই ৷ যি সকলে পদত্যাগ কৰিছে সেইসকলৰ নিজৰ ৱাৰ্ডতে গণভিত্তি নাই ৷ গোলাঘাট কংগ্ৰেছৰ বাবে তেওঁলোক কুমজেলেকুৱাহে ৷
কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সকলক কুমজেলেকুৱাৰে ৰিজালে কোনে ? - গোলাঘাট জিলা কংগ্ৰেছ
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক পলাশ তামুলীয়ে পদত্যাগ কৰাৰ বাতৰি আৰু গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক তপন দত্তৰ লগতে ১৩ গৰাকী কংগ্ৰেছৰ বিষয় ববীয়াই পদত্যাগৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচতে মুখ খুলিছে গোলাঘাট কংগ্ৰেছে ৷ যি সকলে পদত্যাগ কৰিছে সেইসকলক কুমজেলেকুৱা বুলি অভিহিত কৰিছে ৷

বর্তমানৰ কংগ্ৰেছী নেতাসকলৰ মতে, গোলাঘাটত ১৪ গৰাকী কংগ্ৰেছীয়ে পদত্যাগ কৰা নাই, মাত্ৰ দুজনেহে পদত্যাগ কৰিছে ৷ গোলাঘাট জিলা কংগ্ৰেছত প্ৰশাসনিক সম্পাদক নামেৰে কোনো পদবী নাই ৷ যদি সঁচাকৈয়ে পদত্যাগ কৰিছে তেন্তে শীঘ্ৰে তেওঁলোকৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাইছে কংগ্ৰেছী নেতা সকলে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত পলাশ তামুলীৰ দৰে এশজন সম্পাদক আছে, অজন্তা নেওগৰ কৃপাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হৈছিল তেওঁ ৷ গণভিত্তি নথকা এইসকল নেতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ কোনোধৰণৰ ক্ষতি নহয় বুলিও মন্তব্য কৰে কংগ্ৰেছী নেতা সকলে ৷
লগতে পঢ়ক:বিজেপিলৈ যাবনে অজন্তা : আজিৰ ভিতৰত উত্তৰ লাগে প্ৰদেশ কংগ্ৰেছক