অসম

assam

ETV Bharat / state

২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ উপস্থিতিত গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত যোগদান কৰে এই ৪ কংগ্ৰেছী সদস্য কেইজনে।

By

Published : Jul 3, 2020, 4:44 PM IST

golaghat congress leader joining bjp party present mp topan gogoi
২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

গোলাঘাট,3জুলাইঃ গোলাঘাট জিলাৰ কংগ্ৰেছত খহনীয়া 2021চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, প্ৰাক্তন উপ পৌৰপতি, ২ গৰাকী ৱাৰ্ড সদস্যা সহ মুঠ ৪ গৰাকী কংগ্ৰেছী বিজেপিত যোগদান শুক্ৰবাৰে। যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ উপস্থিতিত গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত যোগদান কৰে এই ৪ কংগ্ৰেছী সদস্য কেইজনে। গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপাঞ্জলি গগৈ, প্ৰাক্তন উপ পৌৰপতি মীৰা দত্ত, ৱাৰ্ড সদস্যা দুলুমন ডেকা আৰু ববিতা গুপ্তাই যোগদান কৰে বিজেপিত।

২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

সাংসদ তপন গগৈ,আৰু গোলাঘাট জিলা বিজেপিয়ে আদৰণি জনাই আটাই কেইজন সদস্যকে । এই যোগদানৰ জৰিয়তে ২০২১ চনৰ বিধান সভা প্ৰাকমুৰ্হূত্বত নিৰ্বাচনৰ কুচ-কাৱাজ আৰম্ভ কৰিছে গোলাঘাট বিজপিয়ে। আনহাতে অসমত উদ্যোগ স্থাপনৰ বিষয়ত সহাৰী জনাই অসমত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সৱলীকৰণ ব্যবস্থা গ্ৰহণ কৰা হৈছে বুলি সাংসদ তপন গগৈয়ে উল্লেখ কৰে ৷

২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ : বিশ্বনাথত মেৰামতি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগ্ন অংশ

ABOUT THE AUTHOR

...view details