গোলাঘাট,28 মাৰ্চঃ বিশ্বব্যাপী কৰ’ণা ভাইৰাছ ৰোধ কৰাৰ সম্পৰ্কত গোলাঘাট জিলাত গ্ৰহণ কৰা বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শনিবাৰে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰ্যবেক্ষণ কৰাৰ পিছত জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰশাসনীয় বিভাগৰ মুৰব্বীসকলৰ লগত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । মুখ্যমন্ত্ৰী গৰাকীৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা 21 দিনীয়া তলাবন্ধ কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায় । আগন্তুক দিনসমূহত এনেধৰণৰ বিপদৰ লগত মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে ৫খন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰিব বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । লকডাউনৰ সময়ত ঘৰত থকা প্ৰতিটো পৰিয়ালক অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰী সোণোৱালে । ইপিনে,ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ সহ্য কৰা নহ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।
গোলাঘাটৰ পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী সোণোৱালৰ - Golaghat Cm visit due to covid 19 assam etv bharat news
গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জিলাখনত কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ ওপৰত আলোচনা মুখ্যমন্ত্ৰী গৰাকীৰ । মুখ্যমন্ত্ৰীৰ উপৰিও মন্ত্ৰী অতুল বৰা,বিধায়ক মৃণাল শইকীয়া আৰু বিমল বৰা উপস্থিত থাকে এই আলোচনাত ।
গোলাঘাটত মুখ্যমন্ত্ৰী
আনহাতে,গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত আলোচনাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু টিংখাঙৰ বিধায়ক বিমল বৰা উপস্থিত থাকি ৰাইজক সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ বিধায়কসকলৰ প্ৰত্যেকে এমাহৰ দৰমহা অসম চৰকাৰক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি টিংখাঙৰ বিধায়ক গৰাকীয়ে ঘোষণা কৰে ৷
লগতে চাওকঃলক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন
Last Updated : Mar 28, 2020, 6:39 PM IST