গোলাঘাট, 7 জানুৱাৰী : গোলাঘাটৰ বিজেপি কাৰ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা এসময়ৰ প্ৰভাৱশালী কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পাছতে যেন একপ্ৰকাৰে গোলাঘাটৰ বিজেপিৰ তৃণমূল কৰ্মীৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টিৰ ৷
গোলাঘাটৰ বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি - bjp
অজন্তা নেওগৰ বিজেপিত যোগদানৰ পাছতে যেন একপ্ৰকাৰে গোলাঘাটত বিজেপিৰ একাংশ কৰ্মীৰ মাজত দেখা পোৱা তীব্ৰ অসন্তুষ্টিৰ ৷ বৃহস্পতিবাৰে অজন্তা নেওগক গোলাঘাট বিধানসভা সমষ্টিৰ পৰা টিকট প্ৰদান নকৰিবলৈ দাবী উত্থাপন কৰি জিলা বিজেপিৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তৃণমূলকৰ্মীয়ে ৷
![গোলাঘাটৰ বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি golaghat-bjp-office-tense](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10152131-905-10152131-1610012969751.jpg)
গোলাঘাটৰ বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
গোলাঘাটৰ বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
অজন্তা নেওগ হাটাও ধ্বনিৰে বৃহস্পতিবাৰে তৃণমূল বিজেপি কৰ্মীয়ে গোলাঘাটৰ জিলা বিজেপিৰ কাৰ্যালয়ত পৰিৱেশ উত্তাল কৰি তুলে ৷ অজন্তা হাটাও, বিজেপি বাচাও ধ্বনি দি ভৱিষ্যতে অজন্তা নেওগক গোলাঘাটৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব নিদিবলৈ দাবী উত্থপন কৰে ক্ষোভিত বিজেপি কৰ্মী সকলে ৷ তদুপৰি গোলাঘাট বিধানসভা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত বিজেপিৰ টিকট বিতুপন শইকীয়াক দিয়াৰো দাবী উত্থাপন কৰে ক্ষোভিত হৈ থকা বিজেপি কৰ্মী সকলে ৷