অসম

assam

ETV Bharat / state

গোলাঘাটত সাংগঠনিক সভাত নাটক ৰচনাৰ অভিযোগ - golaghat bjp meeting

বিগত 27 ফেব্ৰুৱাৰীত সমষ্টি ভিত্তিত অনুষ্ঠিত গোলাঘাট সমষ্টিত অনুষ্ঠিত সাংগঠনিক সভাত নাটক ৰচনা কৰাৰ অভিযোগ গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সন্মুখত যোগদান কৰা চাহ শ্ৰমিক তথা ছাত্ৰ মুক্তি সংগ্ৰাম বুলি পৰিচয় দিয়া ব্যক্তি কেইজনৰ কোনো সম্পৰ্ক নাই বুলি সদৰী কৰে গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ৷

গোলাঘাট
গোলাঘাটত সাংগঠনিক সভাত নাটক ৰচনাৰ অভিযোগ

By

Published : Feb 29, 2020, 4:19 PM IST

গোলাঘাট, 29 ফেব্ৰুৱাৰীঃগোলাঘাটত বিগত 27 ফেব্ৰুৱাৰীত সমষ্টিভিত্তিত অনুষ্ঠিত হৈছিল এখন সাংগঠনিক সভা । এই সাংগঠনিক সভাত অংশগ্ৰহণ কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে । কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ সন্মুখতে এখন নাটক ৰচনা কৰাৰ অভিযোগ কৰিছে গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । বিজেপি নেতা জয়ন্ত গোস্বামীয়ে সুনিয়োজিতভাৱে নাটকখন ৰচনা কৰাৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । বিজেপিত যোগদান কৰা লোককেইজন চাহ শ্ৰমিক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত কোনোধৰণৰ সম্পৰ্ক নথকাৰ অভিযোগ গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । বৰঞ্চ ৰাজ্যিক সভাপতিগৰাকীৰ ওচৰত বাহ বাহ ল'বলৈ গোলাঘাট বিজেপি তথা জয়ন্ত গোস্বামীয়ে নাটকখন ৰচনা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

গোলাঘাটত সাংগঠনিক সভাত নাটক ৰচনাৰ অভিযোগ

ABOUT THE AUTHOR

...view details