অসম

assam

ETV Bharat / state

শ্ৰমিকক শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত গোলাঘাটত

গোলাঘাটৰ নুমলীগড়ৰ এন আৰ এল জৈৱ শোধনাগাৰৰ মুখ্য প্ৰৱেশ পথত এ আই টি চি ইউৰ উদ্যোগত শ্ৰমিক আৰু স্থানীয় লোকৰ সাব্যস্ত তীব্ৰ প্ৰতিবাদ ৷ শোধনাগাৰটোত কৰ্মৰত শ্ৰমিকসকলক লক্​ ডাউনৰ সুযোগ গ্ৰহণ কৰি শোধনাগাৰ কৰ্তৃপক্ষই কৰা শোষণৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

golaghat bio refinery protest assam etv bharat news
প্ৰতিবাদ সাব্যস্ত

By

Published : Jun 1, 2020, 4:02 PM IST

গোলাঘাট, 1 জুন:গোলাঘাটত একাংশ কোম্পানী তথা উদ্যোগে তলা বন্ধৰ সুযোগ গ্ৰহণ কৰি শ্ৰমিক তথা কৰ্মচাৰীসকলক অব্যাহতি দিয়াৰ অভিযোগ উত্থাপন হৈছে । তেনে এক ঘটনা সংঘটিত হৈছে জিলাখনৰ নুমলীগড়স্থিত জৈৱ শোধনাগাৰত। পাঞ্জাৱ ইঞ্জিনিয়াৰিং নামৰ এটা বহিৰাগত কোম্পানীয়ে কৰ’ণা মহামাৰীৰ বাবে অব্যাহত তলা বন্ধৰ সুযোগ গ্ৰহণেৰে বহু শ্ৰমিকক বৰ্খাস্ত কৰিছে কামৰ পৰা ৷ যাৰ বাবে পূৰ্বৰ পৰা কাম কৰি থকা শ্ৰমিকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা ৷

প্ৰতিবাদ সাব্যস্ত

উপায়ন্তৰ শ্ৰমিকসকলে সোমবাৰে জৈৱ শোধনাগাৰটোৰ মুখ্য প্ৰৱেশ পথত অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ শীঘ্ৰে এইসকল শ্ৰমিকক কামত নিয়োগ নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী শ্ৰমিকসকলে ৷

লগতে চাওকঃগৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ যুৱতীৰ

ABOUT THE AUTHOR

...view details