গোলাঘাট,৯ এপ্ৰিলঃ বসন্তৰ আগমণৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি । গোলাঘাটৰ নুমলীগড়তো ৰঙালীক আদৰিবলৈ ৰাইজৰ মাজত ভীষণ ব্যস্ততা । সাজু হৈছে কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৱে । গোলাঘাট নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত যান্ত্ৰিকতাৰ মাজতো এই সকল নগৰাঞ্চলৰ আবাসীয়ে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি ।
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি - এন. আৰ. এল
নুমলীগড়ৰৰ এন.আৰ. এল শোধনাগাৰৰ নগৰাঞ্চলতো ব্যস্ততা বাঢ়িছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে
![ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2948218-thumbnail-3x2-golaghat.jpg)
গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি
গোলাঘাট নুমলীগড়ত ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি
জনপ্ৰিয় বিহু নৃত্যশিল্পী সান্তুমণি শৰ্মা আৰু অসমৰ জনপ্ৰিয় বৰ বিহুৱতী মাধুৰী গগৈৰ নেতৃত্বত চলি আছে বিহু নৃত্য কৰ্মশালা । দৈনিক ব্যস্ততা পাহৰি কণমানিজনীৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু সকলো ওলাই আহিছে বিহুৰ আখৰা কৰিবলৈ ।