গোলাঘাটৰ বৰপথাৰত পথ দুৰ্ঘটনা
পথৰ দুৰৱস্থাৰ বাবে বৰপথাৰৰ ধনশিৰি দলঙৰ সমীপত সংঘটিত হয় দুৰ্ঘটনা ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটা পৰিয়ালৰ ৷
গোলাঘাট,16 অক্টোবৰ : বৰপথাৰৰ ধনশিৰি দলঙৰ সমীপত গাড়ী দুৰ্ঘটনা । কাণ্ডজ্ঞানহীন গড়কাপ্তানী বিভাগৰ কৰ্মকাণ্ডৰ ফলত ধনশিৰি দলঙৰ মূল পথৰ কাষতে ৫ ফুট দ গাঁতৰ সৃষ্টি হৈছে । বুধবাৰে সন্ধিয়া এখন টাটা নেস্কন গাড়ী গাঁতত সোমাই পৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে ধনশিৰি মহকুমাৰ এজন সাংবাদিকৰ লগতে তেওঁৰ পৰিয়াল ৷ চি চি এল নামৰ এটি বহিৰাগত ঠিকাদাৰী সংস্থাই চিলনীজানৰ পৰা সৰুপথাৰ সংযোগী পথটি নিৰ্মাণৰ বাবে নিবিদা পাইছিল কিন্তু এটা বছৰতেই পথটি জহি খহি যাব ধৰিছে । পথটিৰ কাষত ৫ ফুটকৈ দ গাঁতৰ সৃষ্টি হৈছে । উল্লেখ্য যে এই পথটোৱেদি নিতৌ গধুৰ মালবাহী যান বাহন চলাচল কৰে। ইয়াত সৃষ্টি হোৱা গাঁত সমূহত গড়কাপ্তানী বিভাগে এখন পঁচা কাঠ দিয়েই তেওঁলোকৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ দাবী অতি শীঘ্ৰে এই গাঁত সমূহ পুতি পথটো মেৰামতি কৰিব লাগে।