অসম

assam

ETV Bharat / state

ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথে দুৰ্ভোগ ভুগাইছে জনতাক - সৰুপথাৰ বিধানসভা সমষ্টি

ৰাইজৰ অভিযোগ,নিৰ্বাচনৰ কেইদিনমান আগতহে বিধায়কগৰাকী ভোট ভিক্ষা কৰিবলৈ আহে এই অঞ্চলসমূহলৈ ।

Golaghat bad road condition
ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথে দুৰ্ভোগ ভুগাইছে জনতাক

By

Published : Jun 30, 2020, 2:07 PM IST

গোলাঘাট, 30 জুন : গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজাৰ মুৰফুলনী পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথটোৱে জ্বলা কলা খোৱাইছে জনতাক ৷ প্ৰায় কুৰিখন গাঁৱৰ যোগাযোগৰ একমাত্ৰ এই পথটোৰে দৈনিক শ শ লোকে যাতায়ত কৰে ৷ বিদ্য়ালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও যাতায়ত কৰে এই পথটোৰে ৷ কিন্তু সম্পুৰ্ণ বিধ্বস্ত হৈ পৰা পথটোৰে যাতায়ত কৰাত বিভিন্ন সমস্য়াৰৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷

ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথে দুৰ্ভোগ ভুগাইছে জনতাক

পথটোৰ শোচনীয় অৱস্থাৰ কাৰণে এম্বুলেঞ্চ আহিবলৈ অমান্তি হোৱাত ৰোগী সকলক সাঙীত ভাৰ কৰি নিব লগীয়া হয় চিকিৎসালয়লৈ । সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কীৰ খবৰ ল'বলৈ আহৰি নাই সমষ্টিবাসীৰ । ৰাইজৰ অভিযোগ,নিৰ্বাচনৰ কেইদিনমান আগতহে বিধায়কগৰাকী ভোট ভিক্ষা কৰিবলৈ আহে এই অঞ্চলসমূহলৈ । ইফালে খবৰ নাই স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকলৰো । মাত্ৰ এগাড়ী শিল বালি ছটিয়াই পঞ্চায়ৰত প্ৰতিনিধিসকলে দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় লোকৰ ।

ফুলবাৰী আৰু মুৰফুলনী সংযোগী পথে দুৰ্ভোগ ভুগাইছে জনতাক

লগতে পঢ়ক : অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা উচিত:প্ৰফুল্ল কুমাৰ মহন্ত

ABOUT THE AUTHOR

...view details