গোলাঘাট,17 অক্টোবৰ:বিতৰ্কই লগ নেৰা ঐতিহ্যমণ্ডিত আঠখেলিয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীৰ তদন্তত চিআইডিৰ দল। ২০১৩ চনৰ গোচৰৰ ভিত্তিত তদন্ত অব্যাহত আছে চি আই ডিৰ । চি আই ডিৰ বিষয়া ৰণজিৎ শইকীয়াৰ নেতৃত্বত অহা চাৰিজনীয়া এটা দলে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ দুৰ্নীতিৰ তদন্ত কৰাৰ উদ্দেশ্যে আৰক্ষী থানাত উপস্থিত হয় ৷
আঠখেলীয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীঃ গোলাঘাটত তিনিজনীয়া চি আই ডি দল - আঠখেলীয়া নামঘৰ
ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ পুনৰ তদন্ত আৰম্ভ ৷ বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অব্যাহত আছে এই তদন্ত । চি আই ডিৰ বিষয়া ৰণজিৎ শইকীয়াৰ নেতৃত্বত আহিছে চাৰিজনীয়া তদন্তকাৰী দল ৷
উল্লেখ্য যে, ২০১৩ চনত মূল গোচৰীয়া নৰেন বৰাই শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ নতুনকৈ নিৰ্মাণ কৰা ভৱনক লৈ দুৰ্নীতিৰ অভিযোগ তুলি ঘিলাধাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৫৩/১৩ নম্বৰ এটা গোচৰ পঞ্জীয়ন হৈ গোলাঘাট জিলা আদালতত বিচাৰধীন হৈ আছিল ৷ পাচত আদালতে বিষয়টো চি আই ডিক প্ৰদান কৰে ৷ চি আই ডিয়ে বৃহস্পতিবাৰে পূৰ্বৰ সমিতিৰ পৰা বাজেয়াপ্ত কৰা নথি-পত্ৰসমূহ বিচাৰি সত্যাসত্য নিৰূপণ কৰাৰ উদ্দেশ্যে ঘিলাধাৰী আৰক্ষী থানাত উপস্থিত হয় ৷ লগতে যিসকল দাতাই নামঘৰলৈ বৰঙণি আগবঢ়াইছিল, তেওঁলোকৰ ঘৰে ঘৰে উপস্থিত হৈ দলটোৱে তদন্ত আৰম্ভ কৰিছে ৷
ইফালে,উচ্চ ন্যায়ালয়ে নামঘৰৰ বিষয়টো সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন অহা ১৮ নৱেম্বৰ ভিতৰত দাখিল কৰিবলৈ শেষ সীমা বান্ধি দিছে বুলি মূল গোচৰীয়া নৰেন বৰাই জানিবলৈ দিয়ে ।
TAGGED:
গোলাঘাট আঠখেলীয়া নামঘৰ বাতৰি