গোলাঘাট, ১১ জানুৱাৰী: প্ৰাপ্যৰ দাবীত গোলাঘাটত প্ৰতিবাদত নামিল আশা কৰ্মীসকল । সোমবাৰে ৬টাকৈ দাবী উত্থাপন কৰি আশা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আশা কৰ্মীসকলে যোৱা ৬ জানুৱাৰীত ঘোষণা কৰা কৰ্ম বিৰতি অহা ২০ জানুৱাৰীলৈকে অব্যাহত থাকিব ।
৬টাকৈ দাবীত গোলাঘাটত আশা কৰ্মীৰ প্ৰতিবাদ - ৬টাকৈ দাবী
গোলাঘাটত জিলা আশা কৰ্মী সন্থাৰ প্ৰতিবাদ । গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে জিলাখনৰ আশা কৰ্মীসকলে ।
![৬টাকৈ দাবীত গোলাঘাটত আশা কৰ্মীৰ প্ৰতিবাদ গোলাঘাটত আশা কৰ্মীৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10201718-75-10201718-1610365513996.jpg)
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আন আন কৰ্মচাৰীৰ দৰে আশা কৰ্মীক নিযুক্তি পত্ৰ প্ৰদান কৰা, আশা কৰ্মীসকলক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰা, অসম চৰকাৰে ঘোষণা কৰা ২০১৩ চনৰ পৰা ২০১৭ চনলৈকে বকেয়া ধন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । তেওঁলোকৰ দাবী মানি নল'লে আগন্তুক নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে আশা কৰ্মীসকলে । উল্লেখ্য যে, আশা কৰ্মীৰ কৰ্ম বিৰতিৰ ফলত সমগ্র অসমৰ লগতে গোলাঘাটতো প্ৰসূতিৰ লগতে নৱজাতকসকলে সমস্যাত ভূগিব লাগিব ।
লগতে পঢ়ক:সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত কংগ্ৰেছৰ বুথ সন্মিলনত জনতাৰ ভিৰ