নুমলীগড়, 16 অক্টোবৰ: গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। প্ৰতিদিনে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীয়ে। নুমলীগড়ৰ পুৰাবঙলাৰ পাৰ্বতিপুৰত বন্যহস্তীৰ বৃহত্ জাকে শস্য খাই,গচকি তহিলং কৰিলে খেতিপথাৰ।
নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথতো মুক্ত বিচৰণ কৰে বন্যহস্তীয়ে। পাৰ্বতীপুৰ আৰু বকিয়ালৰ কৃষি পথাৰতো হাতীয়ে নিতৌ তাণ্ডৱ চলায়। সঁজাল ধৰা ধান গচকি তহিলং কৰাত নিৰাশ হৈ পৰিছে দৰিদ্ৰ কৃষক। হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।