গোলাঘাট নগৰত কৃত্ৰিম বান ! - গোলাঘাট পৌৰ সভা
এজাক বৰষুণতে গোলাঘাট নগৰৰ বহু কেইটা পথৰ ওপৰত কৃত্ৰিম বানৰ সৃষ্টি হয় । গোলাঘাট পৌৰসভাই নলা নৰ্দমা সমূহ বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ নকৰা আৰু দীৰ্ঘদিন চাফ চিকুণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ
গোলাঘাট,২২ মে' : এজাক বৰষুণতে গোলাঘাট নগৰৰ কেইবাটাও পথ হৈ পৰিল পথাৰ সদৃশ। মঙলবাৰে নিশা আৰু বুধবাৰে পুৱাৰ ভাগত অহা বৰষুণ জাকত গোলাঘাট নগৰৰ পূৰ্বাঞ্চল পথ,তপন নগৰ,শ্ৰীমন্ত নগৰ আদি পথত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। এই কৃত্ৰিম বানৰ ফলত বুধবাৰে বিদ্যালয়লৈ যাব পৰা নাই অঞ্চলকেইটাৰ বহু ছাত্ৰ-ছাত্ৰী ৷ গোলাঘাট পৌৰ সভাই নিৰ্মাণ কৰা নলা নৰ্দমা সমূহ বিজ্ঞান সন্মত নহয় আৰু দীৰ্ঘদিন ধৰি এই নলা নৰ্দমা সমূহ চাফ চিকুণ নকৰাৰ ফলতেই কৃটিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।