অসম

assam

ETV Bharat / state

গোলাঘাটত এদিনতে দুটা হাতী পোৱালিৰ কৰুণ মৃত্যু - গোলাঘাট

গোলাঘাটত মৰণ ফাণ্ডত পৰিণত চাহ বাগিচাৰ ব্লেড যুক্ত কাঁইটীয়া বেৰা । এটা দিনতেই কৰুণ মৃত্যুক সাৱতিলে দুটা বন্য হস্তীৰ পোৱালিয়ে

গোলাঘাটত এদিনতে দুটা হাতী পোৱালিৰ কৰুণ মৃত্যু

By

Published : Jun 27, 2019, 9:40 PM IST

Updated : Jun 29, 2019, 1:38 PM IST

গোলাঘাট,27 জুনঃ গোলাঘাটত চাহ বাগিচাৰ ব্লেড যুক্ত কাঁইটীয়া বেৰাই এদিনতে প্ৰাণ ল'লে দুটা হাতী পোৱালীৰ। বৃহস্পতিবাৰে পুৱা গোলাঘাট বিজিকে চাহ বাগিচাত এটা সদ্যোজাত হাতী পোৱালীৰ মৃত্যু হোৱাৰ বিপৰীতে কালীয়নী দ-ঘাট অঞ্চলত এটা ৩-৪ বছৰীয়া হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হয়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ এটা জাকে বহু দিনৰে পৰা নুমলীগড়ৰ বিভিন্ন অঞ্চলত দিনে নিশাই উপদ্ৰৱ চলাই আহিছিল ।

গোলাঘাটত এদিনতে দুটা হাতী পোৱালিৰ কৰুণ মৃত্যু

গোলাঘাটৰ বিভিন্ন চাহ বাগিচা সমূহৰ মাজেৰে অহা যোৱা কৰোতে হাতী কেইটাই আঘাত পাই এনেদৰে কৰুণভাৱে মৃত্যুক সাৱতি লোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ইফালে এনেদৰে এটা দিনত দুটাকৈ বন্য হস্তী পোৱালীৰ মৃত্যু হোৱাৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলটোত।

লগতে পঢ়কঃ মহানগৰীত পদপথ নিৰ্মাণত দুৰ্নীতি!

Last Updated : Jun 29, 2019, 1:38 PM IST

ABOUT THE AUTHOR

...view details