অসম

assam

গোলাঘাটত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ

By

Published : Oct 17, 2019, 10:36 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত ।

গোলাঘাটত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ

গোলাঘাট,17 অক্টোবৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি গোলাঘাটত প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে এক প্ৰতিবাদী সমদল উলিয়াই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা কাৰ্যালয়ৰ পৰা নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাকাৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক লোকৰ উপস্থিতিত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ। অতি শীঘ্ৰে যদি চৰকাৰে এই আইন বাতিল নকৰে তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লগতে গোলাঘাট উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে ।

গোলাঘাটত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details