অসম

assam

ETV Bharat / state

গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কাণ্ডত সচকিত ৰাইজ - গোলাঘাট জিলাৰ 1 নং উল্টাজান

ক'ভিড আক্ৰান্ত এগৰাকী ৰোগীৰ মৃতদেহ প্ৰশাসনে পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছত পুনৰ উভতাই নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাট জিলাৰ 1 নং উল্টাজানত ৷

Golaghat administration and health department big blunder
গোলঘাট জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কাণ্ডত সচকিত ৰাইজ

By

Published : Sep 21, 2020, 12:51 PM IST

গোলাঘাট, 21 ছেপ্তেম্বৰ:গোলাঘাট প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ অবিবেচক কাণ্ডক লৈ নুমলীগড়ত উত্তপ্ত পৰিস্থিতি ৷ ক'ভিড আক্ৰান্ত এগৰাকী ৰোগীৰ মৃতদেহ প্ৰশাসনে পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছত পুনৰ উভতাই নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাট জিলাৰ 1 নং উল্টাজানত ৷ বগীজান আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি শাম কটাৰ লগতে মৃতদেহটো পুনৰ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷

গোলঘাট জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কাণ্ডত সচকিত ৰাইজ

উল্লেখ্য যে, জ্বৰ-কাঁহত আক্ৰান্ত হোৱাৰ বাবে দেওবাৰে পুৱা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গোলাঘাট জিলাৰ 1 নং উল্টাজানৰ ভদ্ৰেশ্বৰ গগৈক ৷ ইয়াৰ পাছতে কৰা ৰেপিড এন্টিজেন টেষ্টত লোকজনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰা বুলি পৰিয়ালৰ লোকক অৱগত কৰে চিকিৎসা কৰ্মীয়ে ৷ লগে লগে লোকজনক ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ভৰ্তি কৰাৰ পিছতে লোকজনৰ মৃত্যু হয় ৷ ইয়াৰ পাছতে মৃত্যু হোৱা ৰোগী গৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যোৱাৰ অনুমতি দিয়ে হাস্পতাল খনৰ কৰ্তৃপক্ষই ৷ যাৰ বাবে ৰোগীজনৰ মৃতদেহ নিজ গৃহলৈ লৈ যায় পৰিয়ালৰ লোকে ৷ কিন্তু মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পাছতে ঘৰখনত পুনৰ প্ৰশাসনৰ লোক উপস্থিত হৈ মৃতদেহ ঘৰলৈ নিয়া কাৰ্যক নীতি বিৰোধ বুলি জনায় ৷ অৱশেষত বগীজান আৰক্ষীৰ তৎপৰতাত মৃতদেহটো পুনৰ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়কঃজালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details