অসম

assam

ETV Bharat / state

"কা" বিৰোধী আন্দোলনকাৰীক হত্যাৰে দমন কৰাৰ চেষ্টা: গোলাঘাট জিলা ছাত্ৰ সন্থা - খুমটাই সমষ্টি

খুমটাই সমষ্টিত চলিছে নেকি গুপ্ত হত্যাৰ আখৰা । প্ৰলোভন ৰাজনীতিৰ পিছত এতিয়া দমন ৰাজনীতি চলাইছে বিজেপিয়ে । "কা" বিৰোধী আন্দোলনক ভাবুকি আৰু হত্যাৰে দমন কৰাৰ চেষ্টাৰ অভিযোগ বিজেপিৰ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে ৷

"কা" বিৰোধী আন্দোলনকাৰীক হত্যাৰে দমন কৰাৰ চেষ্টা
"কা" বিৰোধী আন্দোলনকাৰীক হত্যাৰে দমন কৰাৰ চেষ্টা

By

Published : Jan 4, 2020, 8:56 AM IST

খুমটাই, 4 জানুৱাৰীঃ খুমটাই সমষ্টিত ঘূৰি আহিছে নেকি গুপ্ত হত্যাৰ দিন । প্ৰলোভন ৰাজনীতিৰ পিছত এতিয়া দমন ৰাজনীতি চলাইছে বিজেপিয়ে । "কা" বিৰোধী আন্দোলনক ভাবুকি আৰু হত্যাৰে দমন কৰাৰ চেষ্টাৰ অভিযোগ বিজেপিৰ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে । বৃহস্পতিবাৰে নিশা "কা" বিৰোধী প্ৰতিবাদী অনুষ্ঠানৰ মূল উদ্যোক্তাৰ গাড়ী লৈ গুলীচালনা কৰা ঘটনাৰ পিছতেই খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে পিষ্টল দেখুৱাই ভাবুকি আৰু গুপ্তহত্যাৰ আখৰা কৰা বুলি উঠিছে অভিযোগ

"কা" বিৰোধী আন্দোলনকাৰীক হত্যাৰে দমন কৰাৰ চেষ্টা: গোলাঘাট জিলা ছাত্ৰ সন্থা

বৃহস্পতিবাৰে গোলাঘাটৰ গণকপুখুৰীত "কা" বিৰোধিতাৰে মহেন্দ্ৰ হাজৰীকা আৰু বিপিন চাউদাঙৰ অনুষ্ঠানৰ পিছতেই মূল উদ্যোক্তা বিনয় বৰুৱাৰ গাড়ীলৈ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে । নিশা প্ৰায় 9 বাজি 30 মিনিটত সংঘটিত হোৱা এই ঘটনাক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্ন জনে । সদৌ অসম গোলাঘাট জিলা ছাত্ৰ সন্থায়ে শনিবাৰে সম্বোধন কৰা এক সংবাদ মেলত এই ঘটনা বিধায়ক মৃনাল শইকীয়াই সংঘটিত কৰা বুলি অভিযোগ কৰে । বিধায়ক গৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি কয় যে, খুমটাই সমষ্টিত বিধায়ক গৰাকীয়ে ভাবুকি প্ৰদান কৰি 'কা' বিৰোধী আন্দোলন দমন কৰিব বিচাৰিছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰক্ষী আৰু বিধায়ক মৃনাল শইকীয়াৰ বুজাবুজিৰে গুপ্তহত্যাৰ আখৰা কৰা বুলি অভিযোগ কৰে ছাত্ৰ সন্থাই । ইয়াৰ উপৰিও ছাত্ৰ নেতা মনোৱাৰ হুছেইনে বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, খুমটাই সমষ্টিত বগা ৰঙৰ বলেৰ', ফ'ৰচোনাৰ আৰু কলা ৰঙৰ থাৰ, ছাফাৰিসহ মুঠ চাৰিখন গাড়ীৰে কা বিৰোধী আন্দোলনক দমন কৰিবলৈ বিভিন্ন ধৰণৰ ভয়-ভাবুকি প্ৰদান কৰি আহিছে ।

ইয়াৰ উপৰিও 12 ডিচেম্বৰত নিতু শইকীয়া নামৰ এজন ছাত্ৰ নেতাৰ ঘৰৰ সন্মুখত গুলী ফুটুৱাই প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা চলাইছিল । এই ক্ষেত্ৰত কমাৰগাঁও আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো বিধায়কগৰাকীক গ্ৰেপ্তাৰ নকৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে । ছাত্ৰ নেতা ৰাজু ফুকনে তেজেৰে ফাকু নেখেলিবলৈ সকিয়াই দিছে চৰকাৰক ।

ABOUT THE AUTHOR

...view details