অসম

assam

ETV Bharat / state

89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি - BAISHANVISM OF ASSAM

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89সংখ্যক বাৰ্ষিক অধিৱেশন লৈ মাজত মাত্ৰ 27 টা দিন ৷ ইতিমধ্যে 60 শতাংশ প্ৰস্তুতি সম্পন্ন হৈছে অধিৱেশনৰ ৷ অধিৱেশন স্থলীৰ পৰা দিগন্ত চাহুৰ বিশেষ প্ৰতিবেদন ৷

89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি
89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

By

Published : Jan 9, 2020, 9:30 AM IST

Updated : Jan 9, 2020, 10:17 AM IST

গোলাঘাট, 9 জানুৱাৰী :জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে জন্ম লাভ কৰাশ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89সংখ্যক বাৰ্ষিক অধিৱেশনখন শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাট জিলা শাখাৰ আমন্ত্ৰণ ক্ৰমে কমাৰগাঁৱৰ দিহিংগীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত অহা 5, 6, 7 আৰু 8 ফেব্ৰুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89সংখ্যক বাৰ্ষিক অধিৱেশন লৈ মাজত মাত্ৰ 27 টা দিন

অধিৱেশনলৈ মাত্ৰ 27 টা দিন বাকী ৷ যাৰবাবে এতিয়া পূৰ্ণগতিত চলিছে প্ৰস্তুতিৰ কাম ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি ভকত বৈষ্ণৱ,আই মাতৃয়ে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত কৰিছে বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ ৷

কাজিৰঙা সমন্বয় ক্ষেত্ৰত ব্যস্ত আই মাতৃ তথা বাপ বান্ধৱসকল

নামঘৰ,বিশাল ভোজনালায়,মূল তোৰণ,মণ্ডপ,সেৱাবাহিনী,নাটঘৰ,শিবিৰ আদি প্ৰস্তুত কৰাত ব্যস্ত আই মাতৃ তথা বাপ বান্ধৱসকল ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অধিৱেশন স্থলীৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ৷

60 শতাংশ প্ৰস্তুতি সম্পন্ন হৈছে অধিৱেশনৰ

প্ৰায় 18 শ বিঘাৰ অধিৱেশনস্থলীৰ কাম সম্পন্ন হৈছে 60 শতাংশ ৷ অধিৱেশনৰ নিৰ্ধাৰিত পুঁজি হ'ল দুই কোটি আশী লাখ টকা ৷ সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুদান সংগ্ৰহ কৰিব পৰা নাই উদযাপন সমিতিয়ে ৷ সমগ্ৰ অসমবাসীলৈ অনুৰোধ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অধিৱেশন ভাগ সফল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ ৷

অধিৱেশন স্থলীৰ পৰা দিগন্ত চাহুৰ বিশেষ প্ৰতিবেদন

লগতে চাওকঃডিমা হাচাওত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাঁফিলতি

Last Updated : Jan 9, 2020, 10:17 AM IST

ABOUT THE AUTHOR

...view details