অসম

assam

ETV Bharat / state

গোলাঘাট দুৰ্ঘটনা এটা সাধাৰণ দুৰ্ঘটনা: শান্তনু হাজৰিকা - আবকাৰী উপ অধীক্ষক শান্তনু হাজৰিকাৰ মন্তব্য

গোলাঘাট জিলাৰ বোকাখাতৰ আবকাৰী উপ অধীক্ষক শান্তনু হাজৰিকাৰ মন্তব্যত প্ৰতিক্ৰিয়াৰ জোৱাৰ ৷

গোলাঘাট দুৰ্ঘটনা এটা সাধাৰণ দুৰ্ঘটনা: শান্তনু হাজৰিকা

By

Published : Sep 26, 2019, 11:39 PM IST

গোলাঘাট, 26 ছেপ্তেম্বৰ: বুধবাৰে নিশা গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ সৈতে সংঘৰ্ষ হৈ তিনিজনৰ মৃত্যু হোৱা ঘটনা এক আকস্মিক দুৰ্ঘটনা বুলি ৰহস্যজনক মন্তব্য কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বোকাখাতৰ আবকাৰী উপ অধীক্ষক শান্তনু হাজৰিকাই ৷ যি সময়ত শোকাৱহ পথ দুৰ্ঘটনাত আবকাৰী বিষয়াসহ তিনিজনৰ মৃত্যু হোৱা ঘটনাক বিভিন্ন পক্ষই এক পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনা হব পাৰে বুলি সন্দেহ কৰিছে তেনে সময়ত বিষয়াগৰাকীৰ এই মন্তব্যই সন্দেহ অধিক গভীৰ কৰি তুলিছে ৷ নিজৰ দোষ ঢাকিবৰ বাবেই বিষয়া গৰাকীয়ে এই মন্তব্য কৰা বুলি এতিয়া বিভিন্ন মহলত চৰ্চা হৈছে ৷

সাৰ গাঁৱৰ দুৰ্ঘটনা এটা সাধাৰণ দুৰ্ঘটনা: শান্তনু হাজৰিকা

উল্লেখযোগ্য যে অৰুণাচলী সুৰাৰ কৰিডৰ হিচাপে চিহ্নিত গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰা ব্যৱসায়ী চক্ৰৰ সৈতে গোলাঘাটৰ আবকাৰী বিভাগৰ গোপন বুজা বুজিৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ এই সুৰা ব্যৱসায়ী সকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে এতিয়া আবকাৰী বিষয়াই এনে মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ গোলাঘাটৰ এই শোকাৱহ দুৰ্ঘটনাক গুৰুত্ব প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰা সময়তে এজন আবকাৰী বিষয়াৰ এনে মন্তব্য সচাকৈয়ে ৰহস্যজনক ৷ ইফালে গোলাঘাট মৰঙি সাৰৰ গাঁৱৰ ভয়াবহ পথ দুৰ্ঘটনাৰ ডাম্পাৰৰ চালকক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে ৷ দৈগ্ৰোংৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ডাম্পাৰ চালক সমীৰক ৷

ABOUT THE AUTHOR

...view details