অসম

assam

ETV Bharat / state

গোলাঘাটৰ 172নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - 172 nomber Voting Center

কংগ্ৰেছ কৰ্মীয়ে অন্য ভোটাৰৰ নামত ভোটদান কৰিবলৈ অহাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিজন কংগ্ৰেছ কৰ্মীক আটক কৰে ।

গোলাঘাটৰ 172নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 11, 2019, 5:14 PM IST

গোলাঘাট, ১১ এপ্ৰিলঃ গোলাঘাট বিধান সভা সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ ১৭২ নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

গোলাঘাটৰ 172নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, এজন কংগ্ৰেছ কৰ্মীয়ে অন্য ভোটাৰৰ নামত ভোট দান কৰিবলৈ অহাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি । ভোট কেন্দ্ৰত উপস্থিত থকা অগপ কৰ্মীয়ে ভোটদানত বাধা দিয়াত কংগ্ৰেছ কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰে অগপৰ কাৰ্যালয় । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিজন কংগ্ৰেছ কৰ্মীক আটক কৰে । আটকাধীন লোক কেইজনৰ নাম নোমল দাস, অতুল দাস আৰু বিজিত দাস বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details