অসম

assam

ETV Bharat / state

গোলাঘাটত সাঁচি উদ্যোগ বিষয়ৰ কৰ্মী প্ৰশিক্ষণ শিবিৰ - সাঁচি উদ্যোগ বিষয়ৰ কৰ্মী প্ৰশিক্ষণ শিবিৰ

মঙলবাৰৰ পৰা খুমটাইৰ আধাৰসত্ৰ বহুমুখী প্ৰকল্পত শুভাৰম্ভ কৰা হয় সাঁচি উদ্যোগ বিষয়ৰ এক কৰ্মী প্ৰশিক্ষণ শিবিৰ ৷ এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

as_glt_sanchi-factory-workshop_vis_asc10007
গোলাঘাটত সাঁচি উদ্যোগ বিষয়ৰ কৰ্মী প্ৰশিক্ষণ শিবিৰ

By

Published : Jan 5, 2021, 2:31 PM IST

গোলাঘাট, 5 জানুৱাৰী: মঙলবাৰৰ পৰা খুমটাইৰ আধাৰসত্ৰ বহুমুখী প্ৰকল্পত শুভাৰম্ভ কৰা হয় সাঁচি উদ্যোগ বিষয়ৰ এক কৰ্মী প্ৰশিক্ষণ শিবিৰ ৷ অসম আগৰউদ এৰ’মা এফ.পি.চি, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু গোলাঘাট জিলা উপায়ুক্তৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰা হয় ৷ এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে বিধায়ক মৃণাল শইকীয়াই ৷

গোলাঘাটত সাঁচি উদ্যোগ বিষয়ৰ কৰ্মী প্ৰশিক্ষণ শিবিৰ

প্ৰায় এমাহজোৰা চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰৰ প্ৰথমটো দিনতে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ কেইবাগৰাকীয়ো যুৱকে অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণ শিবিৰটি উদ্বোধন কৰি বিধায়ক মৃণাল শইকীয়াই এই কৰ্মশালাৰ দ্বাৰা জিলাখনৰ যুৱকসকল সাঁচি খেতিৰ দ্বাৰা আৰু অধিক পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক-গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন

For All Latest Updates

ABOUT THE AUTHOR

...view details