অসম

assam

তদন্তৰ পৰা বাচিবলৈ বিজেপিমুখি হৈছে প্ৰাক্তন কংগ্ৰেছী !

By

Published : Aug 21, 2019, 8:06 PM IST

গোলাঘাটত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ । কেলেংকাৰীৰ পৰাহে হাত সাৰিবলৈহে কংগ্ৰেছৰ পৰা বিজেপিলৈ প্ৰাক্তন কংগ্ৰেছীৰ গমনৰ অভিযোগ ।

তদন্তৰ পৰা বাচিবলৈ বিজেপিলৈ গমন কৰিছে প্ৰাক্তন কংগ্ৰেছীয়েঃ গৌৰৱ গগৈ

গোলাঘাট, 21 আগষ্টঃগোলাঘাটত Don Bosco collegeৰ নৱ নিৰ্মিত গৃহ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদগৰাকীয়ে বিজেপিৰ ক্ষুৰধাৰ সমালোচনাত মুখৰ হৈ পৰে ৷ সাংসদ গৰাকীয়ে বিজেপিক কটাক্ষ কৰি কয় যে বিজেপি লৈ গলেই চি বি আই , সাৰদা, ই ডি ,লুইজ বাৰ্জাৰ আদি কেলেংকাৰীৰ অভিযোগ নোহোৱা হৈ যায় ৷ লগতে কিছুমান কংগ্ৰেছীয়ে চি বি আই তদন্তৰ পৰা বাছিবলৈহে বিজেপিলৈ গমন কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আনহাতে পুৰণা কংগ্ৰেছী বিজেপিলৈ যোৱাৰ ফলত বিজেপিৰ ভিতৰচৰাত পুৰণা বিজেপি কৰ্মী অসন্তুষ্ট হোৱাৰ লগতে দলটোত গৃহকন্দলৰ পৰিৱেশৰ সূচনা কৰা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

তদন্তৰ পৰা বাচিবলৈ বিজেপিলৈ গমন কৰিছে প্ৰাক্তন কংগ্ৰেছীয়েঃ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details