অসম

assam

ETV Bharat / state

চিকিৎসক বিহীনভাৱে ভাৱে চলিছে গোলাঘাটৰ এখন চিকিৎসালয় - নূপুৰ বৰা

গোলাঘাটৰ এখন চৰকাৰী চিকিৎসালয়ত ফাৰ্মাচিষ্টে চলাইছে চিকিৎসা। নাই চিকিৎসক ৷ ফাৰ্মাচিষ্টে কাণত ষ্টেটিচস্কোপ লৈ পৰীক্ষা নিৰীক্ষা কৰিছে ৰোগীৰ। ৰোগ পৰীক্ষা কৰি দৰবো দিছে ৰোগীক ।

চিকিৎসক বিহীনভাৱে ভাৱে চলিছে গোলাঘাটৰ এখন চিকিৎসালয়

By

Published : Aug 6, 2019, 8:48 PM IST

গোলাঘাট, 6 আগষ্টঃ যিসময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসা সেৱাখণ্ডৰ আমূল পৰিৱৰ্তনৰ লগতে গ্ৰাম্য স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰৰ প্ৰসংগ বাৰম্বাৰ উত্থাপন কৰিছে আৰু বিভাগীয় মন্ত্ৰীয়ে চাডেন ভিজিত দি চমক সৃষ্টি কৰিছে সেই সময়তে গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰামুখৰ প্ৰায় 72 খন গাঁৱক সামৰি থকা একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰিলক্ষিত হৈছে কৰ্মচাৰীৰ ব্যাপক কৰ্মসংস্কৃতিহীনতা ৷ লক্ষাধিক জনবসতিৰ চিকিৎসা সেৱাৰ বাবে স্থাপিত স্বাস্থ্য কেন্দ্ৰটোত আছে মাত্ৰ এজন স্থায়ী আৰু এজন অস্থায়ী চিকিৎসক ৷ তাৰোপৰি চিকিৎসকৰ সময়ানুৱৰ্তিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসক বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতিৰ সন্মুখীন হোৱা ৰোগীয়ে ৷ আনহাতে চিকিৎসকৰ সেৰেঙা উপস্থিতিত স্বাস্থ্য কেন্দ্ৰটোত ৰোগী পৰীক্ষণৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে নূপুৰ বৰা নামৰ ফাৰ্মাচিষ্টজনে ৷ চৰকাৰী দায়িত্ব পালনৰ নামত হেমাহি তথা কৰ্মসংস্কৃতিক ধোঁৱা চাঙত উঠোৱা এনেধৰণৰ চিকিৎসক কৰ্মচাৰীৰ ওপৰত স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ৷

চিকিৎসক বিহীনভাৱে ভাৱে চলিছে গোলাঘাটৰ এখন চিকিৎসালয়

ABOUT THE AUTHOR

...view details