অসম

assam

ETV Bharat / state

খুমটাই সমষ্টিৰ অগপ তৃণমূল কৰ্মীৰ প্ৰতিক্ৰিয়া - গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ শেনছোৱা গাঁও

গোলাঘাট জিলাৰ ২নং শেনছোৱা গাঁৱৰ একাংশ ৰাইজে অগপ বিজেপিৰ মাজত পুনৰ মিত্ৰতাক লৈ অনুভৱ কৰিছে লজ্জা । ইয়াকে লৈ অগপৰ একাংশ প্ৰকৃত ভোটাৰৰ মাজত এইবাৰ ভোটদান কৰাক লৈ চলিছে ব্যাপক চৰ্চা ৷

AGP REACTION

By

Published : Mar 23, 2019, 10:30 PM IST

গোলাঘাট,23 মাৰ্চ :গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টি এসময়ত পৰিচিত আছিল অগপৰ দূৰ্গ ৰূপে । ১৯ টা বছৰ প্ৰবীণ গগৈয়ে অগপৰ হৈ বিধায়ক পদত অধিষ্ঠিত আছিল খুমটাই বিধান সভা সমষ্টিত । বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাক লৈ ফাঁট মেলিছে খুমটাই অগপৰ তৃণমূল পৰ্যায়ত । অগপ দল তৃণমূল পৰ্যায়ত বিভক্ত হৈছে দুটা ফৈদত। এটা অগপ দলৰ ফৈদে কলিয়াবৰৰপ্ৰাৰ্থী মণিমাধৱ মহন্তক সমৰ্থন কৰে আৰুআন এটা ফৈদে কিন্তু অগপ দলৰ হৈও অগপৰ মণিমাধৱ মহন্তক সমৰ্থন নকৰে ।

খুমটাই সমষ্টিৰ অগপ তৃণমূল কৰ্মীৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details