বোকাখাতৰ ডিফলু নদীত কিশোৰীৰ আত্মহত্যা - GIRL SUICIDE
সোমবাৰে ডিফলু নদীত এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ স্থানীয় লোক আৰু এছ ডি আৰ এফ বাহিনীৰ অভিযানতো সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ছাত্ৰীগৰাকী ৷
![বোকাখাতৰ ডিফলু নদীত কিশোৰীৰ আত্মহত্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3207260-903-3207260-1557149624817.jpg)
বোকাখাতৰ ডিফলু নদীত কিশোৰীৰ আত্মহত্যা
বোকাখাত,6 মে’ : বোকাখাত কলাখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সোমবাৰে দিনৰ প্ৰায় 9-30 মান বজাত ডিফলু নদীত জাপ দিয়ে । স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ চেষ্টা কৰিও বিফল হয় । পিছত এছডিআৰএফ উপস্থিত হৈ চেষ্টা চলাই যদিও পানীৰ সোঁত বেছি হোৱাৰ বাবে ব্যৰ্থ হয় । উল্লেখ্য যে, ছাত্ৰীগৰাকী লতাবাৰী বাগিচাৰ নতুন লাইনৰ বুলি জানিব পৰা গৈছে ।
বোকাখাতৰ ডিফলু নদীত কিশোৰীৰ আত্মহত্যা