গোলাঘাটত নিজ কন্যাক অপহৰণ কৰিলে মাতৃয়ে ! - কমাৰগাঁও
বিদ্যালয়ৰ পৰা নিজ কন্যাক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ'ল মাতৃ আৰু সতীয়া পিতৃ !

গোলাঘাটত নিজ কন্যাক অপহৰণ কৰিলে মাতৃয়ে !
গোলাঘাট,9 আগষ্টঃ গোলাঘাটৰ কমাৰগাঁৱত নিজ মাতৃয়ে অপহৰণ কৰিলে নিজ কন্যাক । বিদ্যালয়ৰ পৰা নিজ কন্যাক অপহৰণ কৰি ৰঙা ঘৰৰ আলহী হ'ল মাতৃ ৷ ঘটনা অনুসৰি মাইনা দাস নামৰ এগৰাকী মহিলা গৰাকীয়ে ছয় মাহ পূৰ্বে প্ৰথম স্বামীক এৰি দ্বিতীয় বিবাহত বহিছিল । কিন্তু প্ৰথম স্বামীৰ ওচৰত এৰি আহিব লগা হৈছিল নিজৰ কণমানি কন্যাক। কিন্তু নিজ কন্যাৰ মৰমত অন্ধ হৈ বিদ্যালয়ত শিক্ষকৰ লগত কথা-পাতি কণমানিজনীক চাবলৈ আহি দ্বিতীয় স্বামী বাবুল দাসৰ সৈতে মিলি কণমানিজনীক লৈ উধাও হয় ৷
গোলাঘাটত নিজ কন্যাক অপহৰণ কৰিলে মাতৃয়ে !