গোলাঘাট,২ এপ্ৰিলঃ লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ সকলো দল । কি কংগ্ৰেছ কি বিজেপি সকলোৱে এতিয়া নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত।নিৰ্বাচনী প্ৰচাৰৰ নামত এতিয়া ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে বোকা ছটিওৱা ৰাজনীতিৰ খেল ।
পিতৃৰ সৈতে সমানে নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ - কলিয়াবৰ লোকসভা সমষ্টি
গোলাঘাট নুমলীগড়ত সৰ্বানন্দ সোণোৱালৰ সভাৰ পিছদিনাই গাঁৱে গাঁৱে প্ৰচাৰ চলাবলৈ নামি পৰিল কংগ্ৰেছৰ সাংসদ তথা কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ
![পিতৃৰ সৈতে সমানে নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2880431-285-6e6dfab4-1e34-4b2a-897e-e44617df9fd9.jpg)
গৌৰৱ গগৈ
গৌৰৱ গগৈ
নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাইজৰ সমস্যাৰ বিষয়ে নকৈ কেৱল বিজেপি আৰু অগপ দল তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত উত্তৰ-পূৰ্বাঞ্চলত ৰাজস্থান, মধ্যপ্ৰদেশৰ দৰেই বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলি কয় বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ।