গোলাঘাট, ১৪ মে': নাহৰফুটকীৰ সন্ত্ৰাসৰ পাচতেই গোলাঘাটত এইবাৰ বনৰীয়া মেঠোনৰ আতংক । গোলাঘাট তৰফাট আহোম গাঁৱত এটা বনৰীয়া মেঠোনে সৃষ্টি কৰে আতংকময় পৰিৱেশৰ । পুৱাই অঞ্চলটোত এটা বনৰীয়া মেঠোনে প্ৰৱেশ কৰি এফালৰ পৰা উপদ্ৰৱ আৰম্ভ কৰে ।
অঞ্চলটোৰ একাংশ লোকৰ ঘৰ-বাৰী, চাহ বাগান, খেতি-পথাৰ মহটিয়াই যথেষ্ট ক্ষতি সাধান কৰে মেঠোনটোৱে । মেঠোনটো নামবৰ বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগ আৰু আৰক্ষীয়ে মেঠোনটোক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে । কাজিৰঙাৰ পানবাৰীৰ পৰা অহা এটা পশু বিশেষজ্ঞ দলেও মেঠোনটোক ট্ৰাংকলাইজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । মেঠোনটোক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেই পুনৰ নামবৰ বনাঞ্চলত মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে বন বিষয়াই ।
গোলাঘাটত বনৰীয়া মেঠোনৰ আতংক উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে এই স্থানতেই এটা নাহৰ ফুটুকীক কেইজন মান দুৰ্বৃত্তই নিৰ্মম ভাবে হত্যা কৰি দাঁত, নখ, ছাল কাটি লৈ গৈছিল । পিছত আৰক্ষীয়ে লোক কেইজনক চিনাক্ত কৰি জেললৈ প্ৰেৰণ কৰিছিল ।