অসম

assam

By

Published : Mar 28, 2019, 7:50 PM IST

ETV Bharat / state

অসম নাগালেণ্ড সীমান্তত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মাৰ অভিযোগ শিক্ষকৰ

অসম নাগালেণ্ড সীমান্তৰ ফুলবাৰী গাঁৱত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

গোলাঘাট,28 মাৰ্চঃলোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰৰ কাৰ্য্যসূচী ৷ বৃহস্পতিবাৰে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট কৰৈঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী গাঁৱৰ সমূহীয়া ভৱনত চলিল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী সভাত তেওঁ মন্তব্য কৰে যে যদি পুনৰ কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহে তেতিয়া অসম বাংলাদেশীৰে ভৰি পৰিব ৷ আনকি হাস্পতাল, শিক্ষানুষ্ঠান আৰু চাকৰিৰ ক্ষেত্ৰবোৰো বাংলাদেশীয়ে ভৰি পৰিব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে । লগতে তেওঁ বিজেপিক কটু সমোলোচনা বুলি কয় যে, বিজেপিয়ে যি পৰিৱৰ্তনৰ শ্লোগান আওৰাইকেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰিলে বিপৰীতে একোৱেই পৰিৱৰ্তন কৰিব নোৱাৰিলে ৷ বিপৰীতে ৰন্ধন গেছৰ দাম কংগ্ৰেছৰ দিনত ৩০০ টকা আছিল বৰ্তমান বিজেপিৰ দিনত ১০০০ টকা হৈছেগৈ । গৰাখহনীয়া আৰু বানপানীৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰেসাংসদ গৰাকীয়ে । সেয়েহে ৰাইজৰ প্ৰকৃতসেৱাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান সাংসদ গৌৰৱ গগৈয়ে ৷

অসম নাগালেণ্ড সীমান্তৰ ফুলবাৰী গাঁৱত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰ উপৰিও আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰতিদ্বন্দীৰসন্দৰ্ভত তেওঁ কয় যে অগপ, বিজেপি, একাংশ নিউজ চেনেল আৰু ডাঙৰ ডাঙৰ ব্যৱসায়ী তেওঁৰ প্ৰতিদ্বন্দী হিচাপে আছে ৷ লগতে তেওঁ মন্তব্য কৰে যে তথাপিও আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তেওঁৱেই সাংসদ হিচাপে জয়ী হ'ব,কাৰণ ৰাইজ তেওঁৰ লগতআছে ৷

উল্লেখ্য যে এই নিৰ্বাচনী প্ৰচাৰকলৈ উত্থাপন হৈছে এক গুৰুত্বপুৰ্ণ অভিযোগ ৷ গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ফলত ফুলবাৰী গাঁৱৰ সমূহীয়া ভৱনৰ কাষতে থকা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ত চলি আছিল পাঠদান কাৰ্যসূচী । এইক্ষেত্ৰত বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মাত প্ৰচাৰ কাৰ্যক তীব্ৰ সমালোচনা কৰে প্ৰধান শিক্ষক গৰাকীয়ে । কিন্তু এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে বিদ্যালয়খনৰ জিৰণিৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি সভাখন অনুষ্ঠিত কৰি সময় মতেই শেষ কৰা হৈছিল ৷


ABOUT THE AUTHOR

...view details