বোকাখাত, 25 আগষ্ট: সততে প্লাষ্টিকমুক্ত কাজিৰঙাৰ কথা কোৱা হয়(World heritage site Kaziranga national park) ৷ কিন্তু বাস্তৱক্ষেত্ৰত কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিত থকা জাৱৰৰ দমে প্ৰতিজন লোকৰ মনত প্ৰশ্ন উত্থাপন কৰিছে যে প্লাষ্টিকমুক্ত নে প্লাষ্টিকযুক্ত কাজিৰঙা ? চৰকাৰে বিভিন্ন সময়ত প্লাষ্টিকমুক্ত অসমৰ শ্ল’গান দিয়ে ৷ কিন্তু বাস্তৱক্ষেত্ৰত যদি চোৱা যায় কেৱল শ্ল’গানতে যেন সীমাবদ্ধ হয় প্লাষ্টিকমুক্ত অসম গঢ়াৰ কথা ৷
উল্লেখ্য যে, অসম পৰ্যটনৰ হটস্পট ৰূপে বিবেচিত হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিত পৰ্যটনৰ সময়ছোৱাত প্ৰতিজন দেশী-বিদেশী পৰ্যটক আহি প্ৰথমে উপস্থিত হয় আৰু তাৰ পাছতে এক জাৱৰৰ দম তথা কদৰ্যময় পৰিৱেশৰ মাজেৰে তেওঁলোকে কাজিৰঙা দৰ্শনৰ বাবে আগবাঢ়ে(Tourist Attractions In Kaziranga National Park) ৷