অসম

assam

ETV Bharat / state

গোলাঘাট নগৰত মদ, জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

জুৱাস্থলীৰ পৰা আৰক্ষীয়ে 20900 টকাৰ লগতে অন্যান্য সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় ৷

By

Published : Mar 22, 2019, 4:15 PM IST

গাঞ্জা জব্দ

গোলাঘাট, 22 মাৰ্চ : গোলাঘাটত মদ, ভাং, জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ যোগেশ্বৰ নগৰৰ আচিফ হুচেইনৰ ঘৰত নিশা অভিযান চলায় উৎখাত কৰে এটা জুৱাৰ আড্ডা৷ জুৱাৰ ঘাটিৰ পৰা আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে যদিও জুৱাৰ স্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ২০ জনকৈ লোক ৷

গাঞ্জা জব্দ

গ্ৰেপ্তাৰ কৰা লোক তিনিজন ক্ৰমে দ্বিপজ্যোতি শইকীয়া, লিপিবত নাথ আৰু ঘৰৰ গৰাকী আচিক হুছেইন বুলি জানিব পৰা গৈছে৷ জুৱাস্থলীৰ পৰা আৰক্ষীয়ে 20 হাজাৰ 900 টকাৰ লগতে অন্যান্য সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ সমান্তৰালকৈ আজি আৰক্ষীয়ে গোলাঘাটৰ হিন্দী বিদ্যালয়ৰ সমীপৰ বাবুজানৰ ঘৰত অভিযান চলাই গাঞ্জা আৰু নগদ প্ৰায় এহাজাৰ টকা জব্দ কৰাৰ লগতে বাবুজানৰ পত্নী এলিজা বেগমক গ্ৰেপ্তাৰ কৰে ৷

ABOUT THE AUTHOR

...view details