অসম

assam

ETV Bharat / state

নেদেখা জনৰ ওচৰত শৰণাপন্ন গোলাঘাট লেটেকুজান চাহ বাগিচাৰ একাংশ লোক

বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা হাত সাৰিবলৈ নেদেখাজনৰ ওচৰত শৰণাপন্ন হ'ল গোলাঘাটৰ এখন বাগানৰ বাসিন্দা ৷

গোলাঘাট লেটেকুজান চাহ বাগিচা
গোলাঘাট লেটেকুজান চাহ বাগিচা

By

Published : Jan 3, 2020, 5:29 PM IST

গোলাঘাট, 3 জানুৱাৰী:গোলাঘাটত অব্যাহত আছেহাতী-মানুহৰ সংঘাত ৷ যিকোনো সময়তে হাতীৰ উপদ্ৰৱে শংকিত কৰি তুলিছে স্থানীয় লোকক ৷ বহুবাৰ হাতীৰ জাকটো খেদি পঠিয়াবলৈ প্ৰয়াস কৰিছে যদিও বিফল হৈছে স্থানীয় লোক ৷ বাবে বাৰে বন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰিও বিফল হৈছে ৷

নেদেখা জনৰ ওচৰত শৰণাপন্ন লেটেকুজান চাহ বাগিচাৰ একাংশ লোক

সেয়েহে উপায়ন্তৰ হৈ লেটেকুজান বাগিচাৰ লোক সকলে বন্য হস্তীৰ জাকটোৰ পৰা পৰিত্ৰাণ পাবলৈ, বাগিচাৰ মাজতে আয়োজন কৰিলে গণেশ পূজা ৷ শৰণাপন্ন হ'ল নেদেখাজনৰ ৷ নিজৰ ঘৰ খন, খেতি পথাৰ খন ৰক্ষা কৰিবলৈ ধূপ, ধূনা, বন্তি জ্বলাই পূজা অৰ্চনা কৰিলে গণেশ দেৱতাক ৷ কিয়নো তেওঁলোকে হেৰুৱাই পেলাইছে বন বিভাগৰ ওপৰত থকা আস্থা ৷

লগতে পঢ়ক: ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ আশাৰ বতৰা আনিছে আমগুৰিৰ এখন চৰকাৰী বিদ্যালয়ে

ABOUT THE AUTHOR

...view details