বোকাখাত, ২৫ অক্টোবৰ : আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি আৰু বিভিন্ন অনুষ্ঠান বন্ধ কৰা কাৰ্যত ক্ষুদ্ধ ভাৰতীয় গণ নাট্য সংঘ (Gana Natya Sangha reacted on AIR Dibrugarh) । সংগঠনটোৰ এটা প্ৰতিনিধি দলে বোকাখাতত এক সংবাদমেলৰ জৰিয়তে উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় ।
উজনি অসমৰ আকাশবাণীৰ প্ৰভাৱশালী কেন্দ্ৰটোৰ কাৰ্যসূচীসমূহ পুনৰ সম্প্ৰচাৰ কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গণ নাট্য সংঘই । সংগঠনটোৰ আহ্বায়ক তথা কৃষক নেতা সোণেশ্বৰ নৰহ আৰু শিল্পী পেঞ্চনাৰ ধনেশ্বৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে সংবাদমেলখনত ।
উল্লেখ্য, ২৫ অক্টোবৰ অৰ্থাৎ আজিৰে পৰা বন্ধ হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত (All India Radio Dibrugarh) অসমীয়া নিউজ বুলেটিন । দিল্লীৰ প্ৰসাৰ ভাৰতীয়ে লৈছে এই সিদ্ধান্ত । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰে । সেইমর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰে পৰা বন্ধ হৈ যাব (Assamese news bulletin closed at Dibrugarh AIR)।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ৰাইজে শুনিবলৈ নাপাব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি । প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন শ্ৰোতাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ।