গোলাঘাট,23 ডিচেম্বৰ:এইবাৰ তলা ওলোমাই দিয়া হ’ল গোলাঘাট জিলাৰ কংগ্ৰেছৰ দুৰ্গ খ্যাত গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ৷ অজন্তা নেওগৰ বিজেপি গমন একপ্ৰকাৰ নিশ্চিত হোৱাৰ পাছতেই একালৰ সতীৰ্থ কংগ্ৰেছ কৰ্মীসকলৰ শত্ৰু হৈ পৰিছে আন একাংশ কংগ্ৰেছ কৰ্মী ৷ বিজেপিমুখী একাংশ কংগ্ৰেছ কৰ্মীৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে বুধবাৰে ছীল কৰি দিয়ে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয়টো ৷
উল্লেখ্য যে, ব্লক কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই অজন্তা নেওগৰ সৈতে বিজেপিমুখী হৈ পৰাৰ পিছতো কাৰ্যালয়টো কৰ্মীসকলে ব্যৱহাৰ কৰাত আপত্তি দৰ্শাই আন একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ সেই আপত্তিৰ ভিত্তিতে গোলাঘাট জিলা প্ৰশাসনে আইন শৃংখলা নিয়ন্ত্ৰণৰ স্বাৰ্থত কাৰ্যালয়টো ছীল কৰি দিয়ে ৷