গোলাঘাট, 23 ছেপ্তেম্বৰ:আৰক্ষীৰ জালত পৰিল ঋণ দিয়াৰ প্ৰলোভনেৰে গাঁৱৰ সহজ সৰল মহিলাক আভুৱা ভৰি ধন লুট কৰি অহা এগৰাকী মহিলা ৷ একাংশ ভুক্তভোগী মহিলাৰ অভিযোগ অনুসৰি, গোলাঘাটৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থাকি বহু মহিলাক ঋণ দিয়াৰ নামত ইনা খান ওৰফে তনবীৰ খান নামৰ মহিলা গৰাকীয়ে কৰি আহিছে প্ৰবঞ্চনা ৷
আৰক্ষীৰ জালত প্ৰলোভনেৰে ধন লুট কৰা মহিলা - fraud
এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই ফকৰা যোজনাৰ যেন সত্যাসত্য প্ৰমাণিত হ'ল গোলাঘাটত ৷ ঋণ দিয়াৰ প্ৰলোভনেৰে গাঁৱৰ সহজ সৰল মহিলাক আভুৱা ভাৰি ধন লুট কৰি অহা এগৰাকী মহিলা পৰিল আৰক্ষীৰ জালত ৷
ধন লুট কৰা মহিলা
বহু দিনৰ পৰাই মহিলাগৰাকীৰ আভুৱা ভৰা কথাত বিশ্বাস কৰি মহিলা সকলে তেওঁক পাৰ্যমানে টকা দি আহিছিল যদিও, অৱশেষত এটা ৰেকৰ্ডিঙত ফাদিল হয় অভিযুক্তৰ প্ৰকৃত স্বৰূপ ৷ যাৰ বাবে ভুক্তভোগী মহিলা সকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ জালত পৰে অভিযুক্ত তনবীৰ খান ৷ জানিব পৰা মতে, অভিযুক্ত ইনা খান ওৰফে তনবীৰ খানৰ ঘৰ ডিব্ৰুগড়ত ৷