অসম

assam

ETV Bharat / state

গোলাঘাটৰ ৰাজপথত প্ৰৱঞ্চকৰ পিঠিত পৰিল ঔকিল

চ'ছিয়েল মিডিয়াত প্ৰেম, প্ৰতাৰণা তাৰ পিছত সংঘাত আপুনি বহু শুনিছে আৰু দেখিছে । এইবাৰ ফেচবুকত চাকৰি দিয়াৰ মিছা প্ৰলোভনেৰে ধন হৰলুকি কৰা প্ৰৱঞ্চকক শাস্তি দিয়া হ'ল গোলাঘাটত । গোলাঘাটৰ ৰাজপথত দুগৰাকী যুৱতীয়ে উত্তম-মাধ্যম শোধালে নিলোৎপল বৈশ্য নামৰ এটা প্ৰৱঞ্চকক ৷

By

Published : Apr 8, 2021, 8:37 PM IST

fraud in golaghat
গোলাঘাটৰ ৰাজপথত প্ৰৱঞ্চকৰ পিঠিত পৰিল ঔকিল

গোলাঘাট,8এপ্ৰিল:চ'ছিয়েল মিডিয়াত প্ৰেম, প্ৰতাৰণা তাৰ পিছত সংঘাত আপুনি বহু শুনিছে আৰু দেখিছে। এইবাৰ ফেচবুকত চাকৰি দিয়াৰ মিছা প্ৰলোভনেৰে ধন হৰলুকি কৰা প্ৰৱঞ্চকক শাস্তি দিয়া হ'ল গোলাঘাটত । গোলাঘাটৰ ৰাজপথত দুগৰাকী যুৱতীয়ে উত্তম-মাধ্যম শোধালে নিলোৎপল বৈশ্য নামৰ এটা প্ৰৱঞ্চকক ৷ জানিব পৰা মতে, তিতাবৰ আৰু দেৰগাঁৱৰ দুগৰাকী যুৱতীয়ে ফেচবুকত চাকৰি বিচাৰি নিজ একাউণ্টৰ পৰা এটা প'ষ্ট কৰিছিল ।

গোলাঘাটৰ ৰাজপথত প্ৰৱঞ্চকৰ পিঠিত পৰিল ঔকিল

সেই প'ষ্টৰ পিছতে কেতিয়াবা কমাৰবন্ধা, কেতিয়াবা চকলাটিঙৰ নিবাসী বুলি পৰিচয় দিয়া নিলোৎপল বৈশ্য নামৰ প্ৰৱঞ্চকটোৱে ফেচবুক মেছেঞ্জাৰৰ জৰিয়তে যুৱতী দুগৰাকীক গোলাঘাট আৰু বোকাখাতত বন্ধন বেংকত চাকৰি দিম বুলি অৱগত কৰে । ইয়াৰ পিছতেই যুৱতী দুগৰাকীৰ পৰা চাৰিহাজাৰ টকা উৎকোচ হিচাপে লয় । তাৰ পিছতে মোবাইল অফ কৰি অন্তৰ্ধান হয় প্ৰৱঞ্চক নিলোৎপল বৈশ্য। কিন্তু বৃহস্পতিবাৰে দিন বেয়া আছিল প্ৰৱঞ্চক নিলোৎপলৰ ৷ হঠাৎ গোলাঘাট নগৰত যুৱতী দুগৰাকীৰ মুখামুখি হয় প্ৰৱঞ্চকটো । ইয়াৰ পিছতে প্ৰৱঞ্চক নিলোৎপলৰ পিঠিত পৰিল ঔকিল ৷ আনহাতে, এই ঘটনাৰ পিচতে গোলাঘাটত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ একাংশ প্ৰৱঞ্চকে কিদৰে চাকৰিৰ নামত জাল পেলাই প্ৰৱঞ্চনাৰে যুৱক-যুৱতীৰ পৰা ধন হৰলুকি কৰি আছে সেই ক্ষেত্ৰত আৰক্ষী বিভাগৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক:ৰঙালী বিহুলৈ প্ৰস্তুতিৰ কিছু আলোকচিত্ৰ

ABOUT THE AUTHOR

...view details