ফ’ৰলেনযুক্ত হ’ব দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ - ফ'ৰলেন পথ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। ফ’ৰলেনযুক্ত হ’ব দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। তদুপৰি দেৰগাঁৱত নিৰ্মাণ নহয় বাইপাছ।
গোলাঘাট, 29 আগষ্টঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। ফ’ৰলেনযুক্ত হ’ব দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। তদুপৰি দেৰগাঁৱত নিৰ্মাণ নহয় বাইপাছ। বাইপাছ নিৰ্মাণৰ বিৰুদ্ধে বাইপাছ বিৰোধী সংগ্ৰাম সমিতি গঠন কৰি দেৰগাঁৱৰ কৃষক গোপাল কৃষ্ণ খাউণ্ডে চলাইছিল কেইবা বছৰ ধৰি সংগ্ৰাম ৷ বাইপাছ নিৰ্মাণ হোৱা হ'লে অধিগ্ৰহণ হ'লহেতেন দেৰগাঁৱৰ কৃষকৰ ৬০০ বিঘা কৃষি ভূমি ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাচত উৎফুল্লিত দেৰগাওঁবাসী ৷ তাৰোপৰি পথৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবে আহ্বান জনাই স্থানীয়ই ৷