দেৰগাঁও, 2 ছেপ্তেম্বৰ :দুৰ্নীতিৰ প্ৰসংগ অসমৰ বাবে কোনো নতুন কথা নহয় ৷ বৰ্তমান সময়ত সঘনে উত্থাপিত হৈ অহা বিষয় হৈছে দুৰ্নীতি ৷ এইবাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
দেৰগাঁৱত বুধবাৰে এক সংবাদমেলযোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পোহৰলৈ আনিছে বহু গুৰুত্বপূৰ্ণ তথ্য ৷ সংগঠনটোৱে সদৰী কৰা অনুসৰি, দেৰগাঁৱত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ ঘাইপথটোত যধে-মধে নিৰ্মাণ কৰা হৈছে নলা-নৰ্দমাসমূহ ৷
যাৰ ফলত কৃত্ৰিম বানৰ সম্ভাৱনা প্ৰকট হৈছে উঠিছে ৷ কেৱল নলা-নৰ্দমা নহয়, পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰটো সংঘটিত হৈছে অনিয়ম ৷ ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই নৱনিৰ্মিত এক অংশ ভাঙি যোৱা পৰিলক্ষিত হৈছে ৷ নিৰ্মাণকাৰ্যত নিয়োজিত কোম্পানীয়ে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে এনে হোৱা বুলি সংগঠনটোৱে দাবী কৰে ৷