অসম

assam

By

Published : Sep 13, 2020, 8:45 PM IST

ETV Bharat / state

সমাগত নিৰ্বাচনঃ হঠাৎ সাৰ পালে ৰেকিবুদ্দিন আহমেদ

ছয়গাঁৱত এটাৰ পিচত আনটো আধাৰশিলা স্থাপন কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ লগতে, ছয়গাঁও সমষ্টিক অসমৰ ভিতৰত জাকত-জিলিকা সমষ্টি গঢ়ি তোলাৰ সপোন বিধায়কগৰাকীৰ ৷

Foundation stone laid for Tample Wall In Chhaygaon
সমাগত নিৰ্বাচনঃ হঠাৎ সাৰ পালে ৰেকিবুদ্দিন আহমেদ

ছয়গাঁও, 13 ছেপ্তেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সৰৱ হৈ পৰিছে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ নিৰ্বাচনৰ পিচত ৰাইজৰ সমস্যাক পিঠি দিয়া বিধায়কগৰাকীয়ে পুনৰ ভোটৰ লালসাত ঘৰিয়ালৰ চকু পানী টুকি ছয়গাঁও সমষ্টিক অসমৰ ভিতৰত জাকত-জিলিকা সমষ্টি গঢ়ি তোলাৰ সপোন দেখিছে ৷ ইতিমধ্যে, বিধায়কগৰাকীয়ে বিভিন্ন ধৰণৰ আঁচনিৰ শুভাৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷

সমাগত নিৰ্বাচনঃ হঠাৎ সাৰ পালে ৰেকিবুদ্দিন আহমেদ

দেওবাৰে পুনৰ বিধায়কগৰাকীয়ে ছয়গাঁও সমষ্টিৰ বৰাখাটস্থিত শ্ৰীশ্ৰী চতুৰ্ভুজ মন্দিৰৰ চৌহদৰ পঁকী দেৱালয়ৰ কামৰ আধাৰশিলা স্থাপন কৰে । অসম চৰকাৰৰ আনটাইদ ফাণ্ড 2019-20 ৰ অধীনত নিৰ্মাণ হ’বলগীয়া কামৰ বাবে 20 লক্ষাধিক টকাৰ আৱণ্টন দিয়া হয় বুলি জানিব পৰা গৈছে ।

আনহাতে, বিধায়গৰাকীয়ে ছয়গাঁও সমষ্টিৰ 70 টা নামঘৰক 2 লাখকৈ অনুদান দিয়াৰ লগতে ছয়গাঁও সমষ্টিৰ 16 হাজাৰ মহিলাক অৰুণোদয় আঁচনিয়ে সামৰি ল’ব বুলিও সাংবাদিকক জানিবলৈ দিয়ে । লগতে, ছয়গাঁও সমষ্টিক জাকত-জিলিকা কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই যাব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে ।

সমাগত নিৰ্বাচনঃ হঠাৎ সাৰ পালে ৰেকিবুদ্দিন আহমেদ

ইফালে, চতুৰ্ভুজ মন্দিৰৰ সভাগৃহত গোটখোৱা ৰাইজৰ উদ্দেশ্যি ভাষণ দি তেওঁ কয় যে, ছয়গাঁও সমষ্টিত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই । বিধায়কগৰাকীয়ে অনাগত দিনত ছয়গাঁও সমষ্টিত উন্নয়ন কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে । তদুপৰি চতুৰ্ভুজ মন্দিৰৰ বৃহৎ এলেকাটো সুদীৰ্ঘ বছৰ ধৰি সুৰক্ষিত হৈ নথকাৰ পিচত আজিৰ পৰা ধৰ্মস্থানখনৰ উন্নয়নৰ দিশত এখোজ আগবঢ়া বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক :ধুবুৰীত যাত্ৰী আৰু অটো চালকৰ মাজত হাহাকাৰ

ABOUT THE AUTHOR

...view details