অসম

assam

একেদিনাই ৬৮০ টা আধাৰশিলা স্থাপনেৰে অভিলেখ গঢ়াৰ প্ৰয়াস মৃণাল শইকীয়াৰ

By

Published : Aug 6, 2019, 2:59 PM IST

খুমটাই সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত নিৰ্মিত পকীগৃহৰ আধাৰশিলা স্থাপনত ব্যস্ত বিধায়ক মৃণাল শইকীয়া

৬৮০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ প্ৰয়াস বিধায়ক মৃণাল শইকীয়াৰ

খুমটাই,6 আগষ্টঃ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ অন্য এক অভিলেখ । একেদিনাই ৬৮০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ লক্ষ্যৰে মঙলবাৰে পুৱাৰে পৰা ব্যস্ত হৈ পৰিল বিধায়কগৰাকী । খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন স্থানত দৰিদ্ৰ পৰিয়ালৰ গৃহত পুৱাই উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰিলে বিধায়কগৰাকীয়ে ।

৬৮০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়াৰ প্ৰয়াস বিধায়ক মৃণাল শইকীয়াৰ

প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ অধীনত মুঠ ১ লাখ ৪৮ হেজাৰ টকাৰে নিৰ্মাণ হ'বলগীয়া ঘৰসমূহৰ নিৰ্মাণত কোনো মধ্যভোগী নাথাকিব বুলি জনাই বিধায়ক গৰাকীয়ে। পূৰ্বতে এনে গৃহ নিৰ্মাণৰ কামত বহুলক্ষ টকাৰ দুৰ্নীতি হোৱাৰ কথা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । এই আঁচনিৰ দ্বাৰা ভাৰতবৰ্ষৰ কোনো ঠাইতে দৰিদ্ৰ পৰিয়ালৰ কেঁচা ঘৰ নাথাকিব বুলিও উল্লেখ কৰে বিধায়ক মৃণাল শইকীয়াই৷

ABOUT THE AUTHOR

...view details