গোলাঘাট, 27 ডিচেম্বৰ :অসম সাহিত্য সভাৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব । অসমীয়া জাতিৰ হিয়াৰ আমঠু অসম সাহিত্য সভা প্ৰকৃততে কি তাক নতুন প্ৰজন্মক বুজাই দিব পাৰিলেহে সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন সফল হ'ব । গোলাঘাটত 105 সংখ্যক অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত স্মৃতি তৰ্পন কৰি এই মন্তব্য কৰে সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ।
সোমবাৰে গোলাঘাটত দিনযোৰা কাৰ্যসূচীৰে অনুস্থিত হয় অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস(Asam Sahitya Sabha Foundation Day) । গোলাঘাট সমন্বয় ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে সভাপতি কুলধৰ শইকীয়াই । একে সময়তে সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 105 খন পতাকাও উত্তোলন কৰা হয় ।
অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন পতাকা উত্তোলনত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী, অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই (Olympian Lovlina Borgohain), অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশীকে মুখ্য কৰি 105 গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় । এই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিহু নৃত্য, কাৰ্বি নৃত্য, মিছিং, বড়ো, ঝুমুৰ, ভোৰতাল আদি নৃত্য প্ৰদৰ্শন কৰে ।
মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি, বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন বায়ুসেনা বিষয়া মহন্ত পাংগিং, নগালেণ্ডৰ নগা হো হোৰ সভাপতি এইছ কে জীমিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:নন্দিতা দেৱীলৈ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা