খুমটাই, 1 এপ্ৰিল : কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত উঠি-পৰি লাগিছে সমগ্ৰ ৰাজ্যবাসী ৷ লকডাউন সাৰ্থক কৰাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা তথা সমষ্টি বীজাণুমক্ত কৰিবলৈ কোনো প্ৰচেষ্টা বাকী ৰখা নাই ৰাজ্য চৰকাৰে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক সম্পূৰ্ণ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে বিৰোধী দলৰ জনপ্ৰতিনিধিসকলে ৷
চেনিটাইজেচনত নামি পৰিছে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ - চেনিটাইজেচনত ব্যস্ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ
খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ উদ্যোগত আৰু বিস্মিতা গগৈৰ সহযোগত খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল চেনিটাইজেচন কৰা হয়।
প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ
লগতে পঢ়কঃ কোভিড-19ৰ বিৰুদ্ধে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি
মঙলবাৰে পিঠিত স্প্ৰে মেচিন লৈ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল চেনিটাইজেচন কৰে প্ৰাক্তন মন্ত্ৰী তথা খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে। খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ উদ্যোগত আৰু বিস্মিতা গগৈৰ সহযোগত খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল চেনিটাইজেচন কৰা হয় । সমষ্টিটোত চাৰিটা দলত বিভক্ত হৈ খুমটাই, শাঁওতলী, ঢেকীয়াল আদি বিভিন্ন অঞ্চলত বিশুদ্ধকৰণ কৰে বিধায়কগৰাকীৰ লগতে খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ সদস্যসকলে।